NORTHEAST NOW (Assamese)

জামিনত মুকলি এ’ পি এচ চি কাণ্ডত অভিযুক্ত

June 12, 2019 4:42 pm · এন ই নাও নিউজ
Updated: June 12, 2019 4:44 pm
ৰাকেশ গুপ্তা।

জামিনত মুকলি হৈছে ধনৰ বিনিময়ত এ’ পি এচ চিৰ চাকৰি লোৱাত অভিযুক্ত ৰাকেশ গুপ্তা।

অসম আৰক্ষী সেৱাৰ নিলম্বিত বিষয়া গুপ্তাক মঙলবাৰে গুৱাহাটীৰ এক বিশেষ আদালতে জামিন প্ৰদান কৰে।

এ’ পি এচ চি কাণ্ডৰ তদন্ত আৰম্ভ হোৱাৰ পিছতে প্ৰায় দুবছৰ ধৰি পলাই থকা গুপ্তাই যোৱা বছৰ এপ্ৰিলত আদালতত আত্মসমৰ্পণ কৰিছিল।

অভিযোগ মতে, গুপ্তাৰ হাতৰ আখৰ তেওঁৰ উত্তৰ বহীৰ আখৰৰ সৈতে মিলা নাছিল।

“১ লাখ টকাৰ ব’ন্দৰ বিনিময়ত আদালতে তেওঁক জামিন দিছে। অভিযুক্তগৰাকীক আৰু বন্দী কৰি ৰখাৰ প্ৰয়োজন নোহোৱাৰ বাবে আদালতে জামিন মঞ্জুৰ কৰিছে,” গুপ্তাৰ অধিবক্তা জিয়াউৰ কামাৰৰ উদ্ধৃতি টাইমছ অৱ ইন্দিয়াৰ।

অৱশ্যে আদালতে গুপ্তাৰ চালচলনত সীমাবদ্ধতা আৰোপ কৰিছে আৰু তেওঁক তদন্তৰ সৈতে সহযোগ কৰি যাবলৈ নিৰ্দেশ দিছে। অসম আৰক্ষীৰ সূত্ৰ অনুসৰি তদন্তটো চূড়ান্ত পৰ্য্যায়ত আছে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে শুনানি গ্ৰহণ কৰিব অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অনুমতি বিচাৰি চি বি আই-এ দাখিল কৰা এখন আবেদনৰ।

Related News