NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ছাত্ৰৰ এ পি এছ চিত সফলতা

November 18, 2018 5:36 pm · কল্পজ্যোতি শইকীয়া
Updated: November 18, 2018 5:43 pm

যোৱা ১৬ নৱেম্বৰত ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিশেষভাৱে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ গাড়ীগাঁৱৰ যুৱক নাছিৰুদ্দিন আহমেদে।

কঠোৰ পৰিশ্ৰমেৰ মাজেৰে অধ্যয়ন কৰি সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক পদ লাভ কৰিবলৈ সক্ষম হয় গাড়ীগাঁৱৰ অতি মেধাৱী এইজন যুৱকে।

কোনো ক’চিং নোহোৱাকৈ নিজেই কঠোৰ পৰিশ্ৰমেৰে মাজেৰে পঢ়ি অসমীয়া মাধ্যমৰ ছাত্ৰ নাছিৰুদ্দিনে এনেদৰে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত যুৱকজনৰ পৰিয়ালৰ লগতে বন্ধু বৰ্গও উৎফুল্লিত হৈ পৰিছে।

আনহাতে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিৰুদ্দিনে শুদ্ধ পথেৰে ৰাইজৰ সেৱা কৰিবলৈ মন বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

ইফালে লগতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিকাভাৱে অনুষ্ঠিত হোৱা বুলিও নাছিৰুদ্দিনে উল্লেখ কৰে।

তাৰোপৰি নাছিৰু্দ্দিন আহমেদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ পি এইচ ডিৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে।

Related News