NORTHEAST NOW (Assamese)
Popular Stories

কংগ্ৰেছ এৰি অগপলৈ নাযায় দুই জ্যেষ্ঠ নেতা, নৰ্থ-ইষ্ট নাওত স্পষ্টীকৰণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 11, 2019 12:32 pm
Durga Das & Apurba Bhattacharya

অহা ১৪ অক্টোবৰৰ দিনা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, দুৰ্গাদাস বড়ো আৰু জয়নাথ শৰ্মাই পুনৰ অগপ দললৈ ঘূৰি আহিব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে এই কথা নস্যাৎ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য্যই।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ইয়াক ‘নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ’ আখ্যা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীৰ।

‘মই অগপত যোগদান কৰিম বুলি ওলোৱা বাতৰিটো নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ। যিটো সময়ত মই কংগ্ৰেছ দলৰ ইমানবোৰ দায়িত্ব লৈ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ কৰি আছো এনে সময়ত এই কথাবোৰৰ প্ৰাসংগিকতা ক’ত?’ আমাৰ সাংবাদিকৰ আগত ভট্টাচাৰ্য্যই এইদৰে কয়।

ইপিনে, অগপত যোগদান কৰিম বুলি ওলোৱা খবৰৰ যদি কিবা উপযুক্ত প্ৰমাণ আছে তেন্তে তাক ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনায় ভট্টাচাৰ্য্যই।

তেওঁ কয় ‘মই প্ৰত্যাহ্বান জনাইছো যদি তেনে কিবা নথি-পত্ৰ আছে, তেন্তে সেইবোৰ ৰাজহুৱা কৰিব লাগে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে অগপ দলৰ বৰ্তমানৰ অস্তিত্বৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ কয় ‘যোগদান কৰিলে বিজেপিত কৰিম, য’ত সম্ভাৱনা আছে। অগপ লোকৰ বোকোচাত উঠা দল, যাৰ নিজৰে অস্তিত্ব নাই, তাত কি কৰিবলৈ যাম মই?’

অৱশ্যে জয়নাথ শৰ্মাই কোনো পাৰিবাৰিক কাৰণত অগপলৈ পুনৰ ঘূৰি যাব পাৰে বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।

তেওঁ কয় ‘জয়নাথ শৰ্মাৰ কথাটো ঠিক স্পষ্ট নহয়, তেওঁ কিবা পাৰিবাৰিক কাৰণত যোগদান কৰিব পাৰে, তথাপি সেইটো চূড়ান্ত হোৱা নাই।‘

ইয়াৰ উপৰি কংগ্ৰেছ দলৰ জৰিয়তে এই মুহূৰ্তত ভট্টাচাৰ্য্যই অসমৰ ৰাইজৰ হৈ সেৱা কৰি যাব বুলি মন্তব্য কৰে।

আনহাতে, কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱেও অগপত যোগদানৰ বিষয়টো অপ-প্ৰচাৰ বুলি সদৰী কৰে।

তেওঁ কয় ‘এইটো এটা অসত্য বাতৰি। নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মনোবল এচামৰ এয়া চেষ্টা।‘

ইপিনে, তেওঁৰ সতীৰ্থ জয়নাথ শৰ্মাৰ ঘৰমূৱা যাত্ৰাৰ সন্দৰ্ভত তেওঁ কয় ‘জয়নাথ শৰ্মাৰ কথাটো নাজানো, হয়তো তেওঁৰ সৈতে মনোজ শইকীয়াৰ কিবা কিবি এক্সেঞ্জ হ’ব পাৰে কিন্তু আমাৰ সৈতে একো এক্সেঞ্জ হোৱা নাই।‘

উল্লেখ্য যে অগপ মুখপাত্ৰ মনোজ শইকীয়াই বৃহস্পতিবাৰে এক সংবাদমেলযোগে অহা ১৪ অক্টোবৰ অৰ্থাৎ দলৰ প্ৰতিষ্ঠা দিৱসত জয়নাথ শৰ্মাৰ লগতে অন্য দলৰ কেইবাজনো শীৰ্ষ নেতা তথা প্ৰাক্তন বিধায়কে অগপ দলত পুনৰ যোগদান কৰিব বুলি কৈছিল।