NORTHEAST NOW (Assamese)
Popular Stories

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2025 11:25 am

অসমৰ ছ’চিয়েল মিডিয়া জগতৰ নৱতম ইনফ্লুৱেঞ্চাৰ অৰ্চিতা ফুকনে দুটা সমাজকল্যাণমূলক কাম- পশু কল্যাণ আৰু নিপীড়িত শিশুৰ উত্তৰণৰ বাবে মুঠ ৭৫,০০০ টকা আগবঢ়াইছে। ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই অনুদানৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে অৰ্চিতা ফুকন নামৰ ৰহস্যময়ী মহিলাগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত বেবীডল অৰ্চি নামেৰে বেছি পৰিচিত ফুকনে আমেৰিকাত বসতি স্থাপন কৰি আমেৰিকাৰ পৰ্ণ তাৰকা কেন্দ্ৰা লাষ্টৰ সৈতে এখন প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছে বুলি শিৰোনাম দখল কৰি আহিছে।

ছ’চিয়েল মিডিয়াত এক্স ৰেটেড কন্টেন্টৰ বাবে পৰিচিত অসমীয়া মডেল তথা ইনফ্লুৱেঞ্চাৰ গৰাকী। বৰ্তমান ফুকনৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ সংখ্যা ৯.৭ লাখৰো অধিক – এই পৰিসংখ্যা যোৱা কেইদিনমানত ভাইৰেল হোৱাৰ লগে লগে ব্যাপকভাৱে বৃদ্ধি হোৱা দেখা হৈছিল।

অৰ্চিতা ফুকনে পশু কল্যাণমূলক দাতব্য সংস্থা এটালৈ ৪৫ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। তদুপৰি অৰ্চিতা ফুকনে “ৰেড লাইট থকা অঞ্চলত নিৰ্যাতনৰ সন্মুখীন হোৱা শিশুক নিৰাপদ স্থানলৈ অনাত” সহায় কৰা এটা সংস্থাক ৩০,০০০ টকা দিছিল।

উল্লেখ্য যে, নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলা আৰু শিশুসকলক সহায় কৰাৰ কাৰণটো ফুকনৰ পূৰ্বৰ বেদনাদায়ক জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ইয়াৰ পূৰ্বেও তেওঁ “দেহ ব্যৱসায়ৰ অন্ধকাৰ পৃথিৱী”ত নিজৰ অশান্ত অতীতৰ কথা কৈছে। ছবছৰ ধৰি দেহোপজীৱিনীৰ ব্যৱসায়ত আবদ্ধ হৈ থকাৰ কথা প্ৰকাশ কৰিছিল আৰু পলাবলৈ ২৫ লাখ টকা দিছিল। লগতে আন ৮ গৰাকী ছোৱালীক দেহ ব্যৱসায়ৰ পৰা হাত সাৰিবলৈ সহায় কৰা বুলিও অৰ্চিতাই ২০২৩ চনৰ এটা ইনষ্টাগ্ৰাম পোষ্টত দাবী কৰে।