NORTHEAST NOW (Assamese)
Popular Stories

দেখা দিছে নেকি এইবোৰ লক্ষণে? তেন্তে প্ৰটিনৰ অভাৱ হৈছে আপোনাৰ দেহত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 28, 2024 7:10 am

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ভিটামিন, খনিজ পদাৰ্থৰ উপৰিও প্ৰটিনৰ প্ৰয়োজন। পেশী গঠন, নখ, চুলি, ছাল সুস্থ কৰি ৰখা, হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰটিনযুক্ত খাদ্য দৈনিক খাদ্যৰ তালিকাত থকাতো অতি গুৰুত্বপূৰ্ণ। শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হয়। সেয়ে দুই এটা লক্ষণ দেখা পালে শৰীৰত প্ৰটিনৰ অভাৱ হৈছে নে নাই সেয়া বুজিব পাৰিব।

কেনেকৈ বুজিব যে শৰীৰত প্ৰটিনৰ অভাৱ হৈছে?

যদি কোনো বিশেষ কাৰণ নোহোৱাকৈ চুলি সৰিবলৈ আৰম্ভ কৰে, চুলি পাতল হৈ পৰে, চুলি অকালতে ধূসৰ হোৱা আৰম্ভ কৰে, তেন্তে আপুনি গম পাব যে শৰীৰত প্ৰটিনৰ অভাৱ হৈছে। 

শৰীৰত প্ৰটিনৰ অভাৱত নখ ভংগুৰ হৈ পৰে। নখৰ ওপৰৰ অংশ ৰুক্ষ হৈ পৰে। 

যদি শীতকালৰ বাহিৰে আন যিকোনো সময়ত ছাল ফাটিবলৈ আৰম্ভ কৰে, কোনো কাৰণ নোহোৱাকৈ ছালত ক’লা দাগে দেখা দিয়ে বা ফোঁহা ওলায়, তেতিয়া আপুনি বুজিব যে শৰীৰত প্ৰ’টিনৰ অভাৱ হৈছে।

পেশী গঠনত প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে পেশীৰ বিষ হ’লে বা সদায় ভাগৰুৱা অনুভৱ হ’লে ই প্ৰটিনৰ অভাৱৰ লক্ষণ। ইয়াৰ উপৰিও প্ৰটিনৰ অভাৱত হাড়বোৰ দুৰ্বল হৈ পৰে।

প্ৰটিনে সমগ্ৰ শৰীৰত তৰল পদাৰ্থ বিতৰণ কৰাত সহায় কৰে। ফলত শৰীৰত প্ৰটিনৰ অভাৱত শৰীৰে উপযুক্ত তৰল পদাৰ্থ লাভ নকৰে। যাৰ প্ৰভাৱ হাড়ৰ ওপৰতো পৰে, ইয়াৰ উপৰিও ভৰিৰ তলুৱাত তৰল পদাৰ্থ জমা হয়। ফলত ভৰিখন ফুলি উঠে, বিষ হয়, যাক এডিমা বোলা হয়। ইয়াৰ উপৰিও ফেটি লিভাৰৰ অন্যতম কাৰণ হ’ল প্ৰটিনৰ অভাৱ।

শৰীৰত যদি পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন থাকে তেন্তে পেটটোও ভৰি থাকে। কিন্তু, যদি প্ৰটিনৰ অভাৱ হয়, তেন্তে অতিপাত ভোক লাগে। আৰু প্ৰটিনৰ সলনি কেলৰিযুক্ত খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি পাব পাৰে।

পেশী, হাড়, নখ, চুলিৰ গঠনৰ পৰা আৰম্ভ কৰি শিশুৰ বৃদ্ধি আৰু মগজুৰ বিকাশত প্ৰটিনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। গতিকে প্ৰটিনৰ অভাৱ হ’লে শিশুৰ বৃদ্ধিত ব্যাঘাত জন্মে আৰু মগজুৰ উন্নত বিকাশ নহয়। ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়। ফলত  সহজে ফ্লু আৰু বেক্টেৰিয়া আদি বিভিন্ন সমস্যাৰ দ্বাৰা সংক্ৰমিত হয়।

প্ৰটিনৰ অভাৱ কিদৰে পূৰ কৰিব?

বিভিন্ন ধৰণৰ খাদ্যত পৰ্যাপ্ত পৰিমাণে প্ৰটিন থাকে। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী, দৈ, মাছ, মাংস, কণী, বিভিন্ন ধৰণৰ দালি, অটছ, ডালিয়া আলমণ্ডকে ধৰি বিভিন্ন বাদামত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। 

ইয়াৰ উপৰিও কচু, ব্ৰকলি, বীন আদি কেইবাবিধো শাক-পাচলিতো যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে। গতিকে পুষ্টিবিদসকলে শৈশৱৰ পৰা এইবোৰ খাদ্যৰ তালিকাত ৰাখিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শৰীৰত প্ৰ’টিনৰ পৰিমাণ প্ৰয়োজনতকৈ বেছি হ’লেও বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে চিকিৎসকে বয়স, শৰীৰৰ উচ্চতা আৰু ওজন অনুযায়ী প্ৰ’টিন খোৱাৰ পৰামৰ্শ দিয়ে।