NORTHEAST NOW (Assamese)

ঘামৰ বাবে চুলি সৰিছে নেকি? এই তীব্ৰ গৰমত কিদৰে সাৱধানতা অৱলম্বন কৰিব, পঢ়ক সবিশেষ…

April 30, 2025 9:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2025 7:02 pm

তাপমাত্ৰা বাঢ়িছে। আৰ্দ্ৰতাও বেছি। প্ৰায় সকলো ঘামত তিতিছে। কিন্তু তাৰ সমান্তৰালকৈ সৰিছে চুলি। কিন্তু তাৰ বাবে বিচলিত হৈ পৰিছে নেকি আপুনি? বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে কেইটামান সহজ নিয়ম মানি চলি চুলি সৰা সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ।

১) ডাঠ চুলি থকাৰ বাবে মূৰৰ ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। গতিকে দিনটোত এবাৰ বা দুবাৰ মূৰৰ ছালখন মালিচ কৰিবলৈ চেষ্টা কৰক। ইচ্ছা কৰিলে তেল ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি আৰু তেল নিবিচাৰে তেন্তে মূৰৰ ছালখন লঘু হাতেৰে মালিচ কৰক। এনে কৰিলে চুলিৰ গুৰি মজবুত হ’ব।

২) উষ্ণতা বৃদ্ধিৰ ফলতো চুলিৰ ক্ষতি হয়। গতিকে চুলিখিনি যিমান পাৰি ৰ’দৰ পৰা ৰক্ষা কৰক। বাহিৰলৈ যাওঁতে ছাতি ব্যৱহাৰ কৰিব লাগে। সম্ভৱ হ’লে চুলিখিনি কোমল কাপোৰেৰেও ঢাকিব পাৰে।

৩) চুলি কেতিয়াও গৰম পানীৰে ধুব নালাগে। জিলিকনি বজাই ৰাখিবলৈ চুলিখিনি ভালদৰে ঠাণ্ডা পানীৰে ধুব লাগে।

৪) চুলিৰ স্বাস্থ্য উন্নত কৰাৰ বাবে আঁচোৰাটো অতি গুৰুত্বপূৰ্ণ। দিনটোত অন্ততঃ ২-৪ বাৰ আঁচুৰিবলৈ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত চুলিৰ জটিলতা কমি যায়। যট ভঙাৰ সমস্যাও আপুনি এৰাই চলিব পাৰে।

৫) এই সময়ত চুলিৰ আগ অংশ ফাটি যোৱাৰ সমস্যাও দেখা যায়। ফলত চুলিৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ লেহেমীয়া হয়। এই সমস্যাৰ পৰা মুক্তি পাবলৈ নিয়মিত ব্যৱধানত চুলিৰ মূৰবোৰ কটাটো কৰাটো প্ৰয়োজনীয়।

৬) শ্বেম্পু কৰিলে চুলি ৰুক্ষ হয়। গতিকে ইয়াক কোমল কৰি ৰাখিবলৈ কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগিব। অন্যথা চুলি সৰা সমস্যা বাঢ়িব।

এই সমূহ পদক্ষেপৰ লগতে আপুনি কিন্তু অৱশ্যেই খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগিব। খাদ্য তালিকাত ফলমূল আৰু প্ৰচুৰ পৰিমাণে পানী থাকিব লাগে। অন্যথা চুলি সৰাৰ সমস্যা আৰু বেছি বেয়া হ’ব পাৰে।

Related News