NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আৰ্জেণ্টিনাৰ তিনি বিশ্বকাপজয়ী ফুটবলাৰৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ; কোপা আমেৰিকাত তোলপাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 5:32 pm

কোপা আমেৰিকা আৰম্ভ হোৱাৰ পূৰ্বে বিতৰ্কত মেছিৰ আৰ্জেণ্টিনা দল। খবৰ অনুসৰি কাটাৰত বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনা দলৰ তিনিজন সদস্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

কলম্বিয়াৰ এজন বিখ্যাত সাংবাদিক জেভিয়াৰ হাৰ্নাণ্ডেজ ব’নেটে প্ৰথমে কলম্বিয়াৰ ৰেডিঅ’ত এটা অনুষ্ঠানত এই কেলেংকাৰীৰ ওপৰত আলোকপাত কৰিছিল। স্পেইনৰ বাতৰি কাকত মাৰ্কায়ো প্ৰথম পৃষ্ঠাত এই খবৰ প্ৰকাশ কৰে।

এই অভিযোগ লেটিন আমেৰিকাৰ সংবাদ মাধ্যমৰ পৰা এই খবৰ বিশ্বৰ সংবাদ মাধ্যমলৈ দ্ৰুতগতিত বিয়পি পৰে। কোপা আৰম্ভ হোৱাৰ পূৰ্বে আৰ্জেণ্টিনাই গুৱেটামালাৰ বিৰুদ্ধে প্ৰীতি মেচ খেলি থকাৰ সময়তে ৰেডিঅ’ অনুষ্ঠানটোৱে এই খবৰটো ফাদিল কৰে।

মেছিৰ দলৰ হৈ খেলা সেই তিনি তাৰকা হ’ল থিয়াগো আলমাডা, এঞ্জেল ক’ৰিয়া আৰু ইজেকুৱেল পেলাচিঅ’ছ। সাংবাদিকগৰাকীয়ে কয় যে চেবাষ্টিয়ান ভিয়েৰ নামৰ ফুটবলাৰ এজনে মহিলাৰ ওপৰত হোৱা নিৰ্যাতনত মূল ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু বিষয়টোৰ তদন্ত কৰিলে দেখা যায় যে এই কাণ্ডৰ লগত আন তিনিজন ফুটবলাৰো জড়িত, যিসকলো কাটাৰত বিশ্ব বিজয়ী দলটোৰ সদস্য আছিল।

প্ৰতিদিনে সন্ধিয়া কলম্বিয়াৰ ৰেডিঅ’ত ফুটবলৰ বিষয়ে আলোচনা কৰি থাকোঁতে সাংবাদিকগৰাকীয়ে এই ঘটনা উত্থাপন কৰিছিল। কোৱা হৈছে যে পুয়েৰ্টো মাডেৰোৰ এটা নাইট ক্লাবত আৰ্জেণ্টিনাৰ চাৰিজন ফুটবল খেলুৱৈয়ে এগৰাকী কেবাৰে নৃত্যশিল্পীক ধৰ্ষণ কৰিছিল।