NORTHEAST NOW (Assamese)

চিৰাঙত সেনা-আৰক্ষীৰ অভিযানত দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰ আটক

October 28, 2018 7:28 pm · ৰিনয় বসুমতাৰী

চিৰাঙত যোৱা নিশা সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই এগৰাকী দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰজনক সংগঠনটোৰ ৪০ নং গোটৰ ধনস্বৰং ব্ৰহ্ম ওৰফে বি ধৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ ২০১৩ চনৰ পৰাই সংগঠনটোৰ এগৰাকী সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি চিৰাং আৰু কোকৰাঝাৰ জিলাত কেইবাটাকৈ ধন দাবী আৰু অপহৰণ কাণ্ডৰ সৈতে জড়িত ধৃত ব্ৰহ্ম যোৱা ২৬ জুনত অসম পুলিচৰ ওপৰত সংঘটিত গুলী চালনাৰ সৈতেও জড়িত আছিল।

উল্লেখযোগ্য যে এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত সেনা আৰু আৰক্ষীয়ে দাদগিৰিৰ সমীপত চলোৱা অভিযান কালত এগৰাকী সন্দেহজনক ব্যক্তিৰ চালচলন লক্ষ্য কৰি তেওঁক আটক কৰে। পিছত তেওঁক তালাচী চলোৱাত এটা পিষ্টল, সক্ৰিয় গুলী আৰু গ্ৰেনেড উদ্ধাৰ কৰা হয়।

দুৰ্ধৰ্ষ কেডাৰ গৰাকী আটক কৰা কালিৰ এই অভিযানটো এন ডি এফ বি (এছ)ৰ প্ৰতি এক মোক্ষম আঘাত বুলি অভিযানকাৰী দলটোৱে উল্লেখ কৰে।

Related News