NORTHEAST NOW (Assamese)

জাগুনত অস্ত্ৰসহ এন এছ চি এন (আৰ) কেডাৰ আটক

August 4, 2019 10:09 pm · প্ৰণব কুমাৰ দাস
ফটো : নৰ্থ-ইষ্ট্ নাও

ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আৰ)ৰ এগৰাকী দুৰ্ধৰ্ষ কেডাৰক আটক কৰা বাতৰি পোৱা গৈছে।

তিনিচুকীয়াৰ জাগুনৰ ৯ মাইলত কেডাৰজনে বাহৰ পাতি থকা বুলি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত যোৱা ২ আগষ্টত সেনা আৰু আৰক্ষীয়ে এই অভিযানটো চলাই কেডাৰজনক আটক কৰে।

আটকাধীন এন এছ চি এন (আৰ) সদস্যজন পাংচাও পাছৰ সমীপৰ ১নং থাহো গাঁৱৰ জংকু চাংকিৰ পুত্ৰ মেজৰ ডেনিয়েল চাংকি বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে।

অভিযানৰ সময়ত মেজৰজনৰ পৰা মেগজিনসহ এটা পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী জব্দ কৰে। আটকাধীন মেজৰজনৰ লগতে জব্দকৃত সামগ্ৰী সমূহ তদন্তৰ খাতিৰত আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে।

ইফালে কেডাৰজনক আটক কৰা ঘটনাই এন এছ চি এন (আৰ) ৰ শিবিৰত মোক্ষম আঘাত লাগিছে বুলি আৰক্ষীয়ে তাৎপৰ্যমূলক মন্তব্য কৰে।

Related News