NORTHEAST NOW (Assamese)

ইৰাকী নেতাৰ ৰাজনীতি ত্যাগ: ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰতিবাদকাৰী-সমৰ্থকৰ তাণ্ডৱ; দেশজুৰি জাৰি কাৰফিউ

August 30, 2022 7:16 am · এন ই নাও নিউজ, গুৱাহাটী

Army declares nationwide curfew in Iraq ইৰাকৰ সামৰিক বাহিনীয়ে সমগ্ৰ দেশজুৰি কাৰফিউ জাৰি কৰিছে। প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাজেমীয়েও পৰৱৰ্তী জাননী নিদিয়ালৈকে কেবিনেটৰ সকলো বৈঠক স্থগিত ৰাখিছে।

ইৰাকৰ প্ৰভাৱশালী নেতা মুক্তাদা সাদৰৰ সমৰ্থকসকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰৱেশ কৰাৰ পিছত উত্তেজনাৰ সৃষ্টি হয়। তাৰ পিছতে কাৰফিউ জাৰি কৰা হৈছে।

বাতৰি অনুসৰি, সুৰক্ষা বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ৰাষ্ট্ৰপতিৰ প্ৰাসাদৰ পৰা বিতাড়িত কৰিবলৈ সক্ষম হৈছে আৰু প্ৰাসাদটো এতিয়া সুৰক্ষা বাহিনীৰ নিয়ন্ত্ৰণলৈ অনা হৈছে।

দিনটোৰ আৰম্ভণিতে ইৰাকৰ প্ৰভাৱশালী ৰাজনৈতিক সংগঠন সাদৰ মুভমেণ্টৰ মুৰব্বী মুক্তাদা সাদৰে ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ঘোষণা কৰে। অপ্ৰত্যাশিতভাৱে তেওঁ ৰাজনীতিৰ অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে।

সাদৰ আন্দোলনৰ নেতা মুক্তাদা সাদৰে সোমবাৰে এক বিবৃতিত কয় যে তেওঁ কেতিয়াও নেতৃত্ব আৰু ধৰ্মীয় কৰ্তৃত্বৰ দাবীদাৰ নাছিল। তেওঁ চিৰদিনৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি আহিছে। তেওঁ লগতে ঘোষণা কৰে যে সাদৰ মুভমেন্টৰ সকলো কাৰ্যালয় আৰু প্ৰতিষ্ঠান বন্ধ কৰা হ’ব।

লগতে পঢ়ক: ক’ভিদৰ প্ৰাদুৰ্ভাৱ! বন্ধ কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ

উল্লেখ্য যে ৯ বছৰ পূৰ্বেও মুক্তাদা সাদৰে এবাৰ ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে পিছত তেওঁ ৰাজনীতিলৈ উভতি আহে।

প্ৰায় ১০ মাহ পূৰ্বে ইৰাকত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও ৰাজনৈতিক বিবাদৰ বাবে এতিয়াও নতুন চৰকাৰ গঠন কৰা সম্ভৱ হোৱা নাই। সাদৰ মুভমেন্টৰ কিছু দাবীৰ বাবে দেশখনত চৰকাৰ গঠনত পলম হৈছে।

Related News