NORTHEAST NOW (Assamese)
অৰুণাচল

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ লিক কাণ্ড: অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2022 9:05 am
Chandigarh University case

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ কাণ্ড সন্দৰ্ভত শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে অৰুণাচল প্ৰদেশত নিযুক্ত এজন সেনা জোৱানক গ্ৰেপ্তাৰ কৰিছে। ধৃত সেনা জোৱানগৰাকীক সঞ্জীৱ সিং বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্ত সঞ্জীৱ সিং অৰুণাচল প্ৰদেশৰ চেলা পাছত নিযুক্ত হৈ আছিল। সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ৰ দ্বাৰা এগৰাকী ছাত্ৰীক ব্লেকমেইল কৰাৰ লগতে আন ছাত্ৰীকো অশ্লীল ভিডিঅ’ দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে উল্লেখ কৰা মতে ফৰেনচিক আৰু ডিজিটেল প্ৰমাণৰ ভিত্তিত সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ ম’হালিৰ এটা আৰক্ষী দল চেলা পাছলৈ প্ৰেৰণ কৰা হৈছিল।

দলটোৱে অৰুণাচল প্ৰদেশ আৰু অসম আৰক্ষীৰ সহযোগত অভিযুক্ত সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী সঞ্চালক প্ৰধান যাদৱে লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা সপ্তাহত পঞ্জাৱৰ ম’হালিৰ বিশ্ববিদ্যালয় চৌহদত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ আপত্তিজনক ভিডিঅ’ ৱাছৰুমত ৰেকৰ্ড কৰাৰ অভিযোগত প্ৰতিবাদে জোকাৰি গৈছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশৰ পৰা এগৰাকী যুৱতীসহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।