NORTHEAST NOW (Assamese)
অসম

ছুটী লৈ ঘৰত অহা সেনা জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2019 10:27 am

শোণিতপুৰ জিলাৰ জামগুৰিহাটৰ টৌভঙাত সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন সেনা জোৱানে ঘটনাস্থলতে মৃত্যুক আকোৱালি লোৱা ঘটনাই সম্প্ৰতি সমগ্ৰ জামগুৰিহাট অঞ্চলটোতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোত আন চাৰি গৰাকী লোকো আহত হৈছে। গুৰুতৰভাৱে আঘাত প্ৰাপ্ত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগতে তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকে জনোৱা অনুসৰি তীব্ৰ বেগত অহা এখন বলেৰ’ বাহনে পথচাৰীক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো ঘটে। যাৰ ফলত ঘটনাস্থলতে মৃত্যু হয় সঞ্জু বৰা নামৰ ৩২ বছৰীয়া সেনা জোৱানজনৰ।

জানিব পৰা মতে মৃত জোৱানজনৰ ঘৰ জামগুৰিহাটৰ গেৰেলুৱাচুকত। পৰিয়ালৰ লোকৰ সৈতে কিছু সময় অতিবাহিত কৰিম বুলি সঞ্জু বৰাই ছুটী লৈ ঘৰলৈ আহিছিল। কিন্তু দুৰ্ঘটনাটোৱে সেই আশা ভংগ কৰাত পৰিয়ালৰ লোকৰ মাজত এতিয়া এক হাহকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।