NORTHEAST NOW (Assamese)
অসম

জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2023 11:47 am

জাৰ্মানীৰ ডাচেলডৰ্ফত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা। আমেৰিকাই নিৰ্মাণ কৰা এই বোমাটোৰ ওজন প্ৰায় ৫০০ কিলোগ্ৰাম।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই তাত বোমাটো নিক্ষেপ কৰিছিল। অৱশ্যে সেই সময়ত তাৰ  বিস্ফোৰণ হোৱা নাছিল। ইমান দিনৰ মূৰত সেইটো উদ্ধাৰ হৈছে।

বোমাটো উদ্ধাৰক লৈ স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বোমাটো উদ্ধাৰ কৰে।

অগ্নিনিৰ্বাপক বাহিনীয়ে বোমাটো নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলাইছে। কিন্তু তাৰ পূৰ্বে প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ইপিনে, ডাচেলডৰ্ফৰ প্ৰশাসনে কয় যে কোনো কাৰণত বিস্ফোৰণ হ’লে স্থানীয় লোকৰ কোনো ক্ষতি নহয় বুলি নিশ্চিত কৰা হৈছে।

আনহাতে, স্থানীয় ৰাইজক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ উপৰিও কেইবাটাও পথো বন্ধ কৰি দিয়ে আৰক্ষীয়ে। কিছুমান ট্ৰামৰ পথ বন্ধ কৰি দিয়া হৈছে। সকলো পথতে যান-বাহন চলাচলৰ অনুমতি দিয়া নাই। কিছুমান দীৰ্ঘ দূৰত্বৰ ৰে’লৰ চলাচলো বাতিল কৰা হৈছে।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যদি বোমাটো বিস্ফোৰণ হয় তেন্তে ভয়ংকৰ ঘটনা সংঘটিত হ’ব। সেয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইয়াৰ পূৰ্বেও জাৰ্মানীত দ্বিতীয় বিশ্বযুদ্ধৰ বোমা উদ্ধাৰ কৰা হৈছিল। ২০২০ চনত ফ্ৰেংকফৰ্টত উদ্ধাৰ হৈছিল ব্ৰিটেইনত নিৰ্মিত এটা বোমা। সেইবাৰো বহু হাজাৰ লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল। বোমাটো পিছত নিষ্ক্ৰিয় কৰা হয়।