NORTHEAST NOW (Assamese)
অসম

শীতকালীন অলিম্পিক: চীনৰ পতাকা জ্বলাই বিশ্বৰ প্ৰান্তে প্ৰান্তে তিব্বতীৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 4, 2022 6:59 pm

বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া জ্বলিছে চীনৰ পতাকা। ভাৰততো ইয়াৰ ব্যতিক্ৰম ঘটা নাই।

আজিৰে পৰা বেইজিঙত অনুষ্ঠিত হোৱা শীতকালীন অলিম্পিকৰ বিৰোধিতা কৰি তিব্বতীসকলে বিশ্ব জুৰি চীন বিৰোধী প্ৰতিবাদ সৱল কৰি তুলিছে।

ছুইজাৰলেণ্ডস্থিত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত পাঁচ শতাধিক তিব্বতী প্ৰতিবাদকাৰীয়ে আন্তৰ্জাতিক চীনৰ পতাকা দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

প্ৰতিবাদকাৰীসকলে চীনৰ বেইজিঙত শীতকালীন অলিম্পিক গেমছ আয়োজন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।
প্ৰতিবাদস্থলীত তিব্বতী পতাকা উৰুৱাই প্ৰতিবাদকাৰীসকলে “বেইজিং শীতকালীন অলিম্পিক বৰ্জন কৰক” লিখা বেনাৰ প্ৰদৰ্শন কৰে।

তিব্বতত মানৱ অধিকাৰ উলংঘন হোৱাৰ কথা উল্লেখ কৰি  তিব্বতীসকলে বেইজিঙৰ শীতকালীন অলিম্পিকক “লজ্জাৰ খেল” বুলি অভিহিত কৰে।

চীনৰ ৰাজধানীত ২০২২ চনৰ শীতকালীন ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ইউৰোপৰ তিব্বতী প্ৰতিবাদকাৰীসকলে লাউচেনৰ আইঅ’চি ভৱনৰ পৰা চুইছ চহৰৰ অলিম্পিক সংগ্ৰহালয়লৈ ৩ কিলোমিটাৰ সমদল কৰি চীন বিৰোধী ধ্বনি দিয়ে।

লছ এঞ্জেলছ আৰু চান ফ্ৰাঞ্চিস্কো চহৰতো তিব্বতীসকলে চীনৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিছে।