NORTHEAST NOW (Assamese)
Popular Stories

শিক্ষানুষ্ঠানত বৃহৎ যৌন কেলেংকাৰী : ইছলামিয়া ইউনিভাৰ্চিটিৰ পৰা ভাইৰেল হৈছে ৫,৫০০ টা অশ্লীল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2023 8:30 pm

পোহৰলৈ আহিছে পাকিস্তানৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ যৌন কেলেংকাৰী। পাকিস্তানৰ বিখ্যাত শিক্ষানুষ্ঠান ইছলামিয়া ইউনিভাৰ্চিটি বাহাৱালপুৰৰ পৰা প্ৰায় ৫৫০০ পৰ্ণগ্ৰাফিক ভিডিঅ’ ভাইৰেল হৈছে। বিভিন্ন পৰ্ণ চাইটত আপলোড কৰা হৈছে হাজাৰ হাজাৰ যুৱতী-মহিলাৰ অশ্লীল ফটো আৰু ভিডিঅ’।

কেৱল এয়াই নহয়। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় চৌহদতে যৌন শোষণৰ অভিযোগো উত্থাপন হৈছে। সমগ্ৰ ঘটনাটো আৰক্ষীৰ বিশেষ প্ৰতিবেদনত স্বীকাৰ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ এই ঘটনাই সমগ্ৰ সমাজখনকে জোকাৰি যাব বুলিও কোৱা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ তদন্ত অনুসৰি বিশ্ববিদ্যালয় খনত এজন কোষাধ্যক্ষ আছে। যিজনে মেথ আৰু কামোদ্দীপক ঔষধ ৰাখে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দেশখনৰ খহাৰ বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষীৰ মুৰব্বীৰ ফোনতো ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ যৌন কাৰ্যকলাপৰ ভিডিঅ’ সংৰক্ষণ কৰা হৈছে। 

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি বিশ্ববিদ্যালয়খনৰ কেইবাজনো উচ্চ পদস্থ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি তেওঁলোকে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল। তেওঁলোকে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক সেই ভিডিঅ’ দেখুৱাই ব্লেকমেইল কৰিছিল।

পাকিস্তানৰ ডন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি কোষাধ্যক্ষজনে ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে ড্ৰাগছ ক্ৰয়-বিক্ৰয় কৰিছিল। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে বিশেষ নৃত্য আৰু যৌন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। 

ইছলামিয়া বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি এনে অবৈধ কাৰ্যকলাপ চলি আছিল বুলিও আৰক্ষীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 

মূলতঃ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকল এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক এই অনৈতিক কাৰ্যকলাপত নিয়োগ কৰে কোষাধ্যক্ষ আৰু উচ্চপদস্থ বিষয়া সকলে।

ইতিমধ্যে আৰক্ষীৰ তদন্তৰ লগে লগে অধিক ৰহস্য উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনৰ আচাৰ্যই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠনৰ দাবী জনাইছে। 

আনহাতে, সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে ইছলামিয়া ইউনিভাৰ্চিটি বাহাৱালপুত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে। এই কমিটীখনত তিনিজন উপাচাৰ্য আৰু নিৰাপত্তা সংস্থাৰ বিষয়া আছে ।