NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ মাজতে পাঁচ বিদেশী পৰ্যটকৰ প্ৰৱেশক লৈ গুৱাহাটীত আতংক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 13, 2020 6:49 am
WhatsApp Image 2020-04-13 at 1.09.09 AM

কৰ’না ভাইৰাছৰ সংক্ৰমণকলৈ চলি থকা লকডাউনৰ সময়তে গুৱাহাটীত দেওবাৰে নিশা হঠাৎ পাঁচ বিদেশী পৰ্যটক প্ৰৱেশৰ ঘটনাই শংকাৰ সৃষ্টি কৰে। পৰ্যটককেইজনৰ তিনিজন ফ্ৰান্স, এজন ইটালী আৰু এজন স্পেইনৰ।

তেওঁলোক মণিপুৰৰ পৰা গুৱাহাটী, শিলিগুৰি হৈ দিল্লীলৈ যোৱাৰ কথা আছিল।  পাঁচোজন বিদেশী নাগৰিকে মণিপুৰত ২৬ দিন কোৱাৰেন্টাইনত থাকি অহা বুলি তেওঁলোকৰ মাজৰে এজনে সংবাদমাধ্যমৰ আগত দাবী কৰে।

অৱশ্যে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁলোকে কোৱাৰেন্টাইন শেষ কৰি অহা বুলি টুইটাৰ যোগে জানিবলৈ দিয়ে।

তেওঁলোকৰ মণিপুৰৰ পৰা দিল্লী যাবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমতি পত্ৰ আছে বুলিও সিঙে দাবী কৰে।

বেলতলাৰ ছাৰ্ভেৰ অজন্তা পথত সংঘটিত হৈছে এই ঘটনা। অজন্তা পথৰ এটা অতিথিশালাত নিশা কটাবৰ বাবে এখন ইনোভা বাহনেৰে আহি উপস্থিত হোৱাৰ পাছতেই স্থানীয় ৰাইজ আতংকিত হয় আৰু একপ্ৰকাৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।

স্থানীয় কোনো লোকে হাতীগাঁও আৰক্ষীক খবৰ দিয়াত তেওঁলোক উপস্থিত হৈ পাঁচোজনকে বাহনসহ থানালৈ লৈ যায়।

জানিব পৰা মতে, নিশা প্ৰায় ১০:৩০ বজাত চাৰ্ভেত উপস্থিত হৈছিল বিদেশী পৰ্যটক কেইজন।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৰাইজৰ প্ৰতি টুইটাৰ যোগে আহ্বান জনাই কয়, “ভয় খাবলগীয়া একো কথা নাই।”

ইপিনে, ২৬ দিনীয়া কোৱাৰেন্টাইনৰ সময়ছোৱাত প্ৰত্যেক দিনাই তেওঁলোকক চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিছিল বুলি এজন বিদেশী পৰ্যটকে জানিবলৈ দিয়ে।

তদুপৰি, ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোক ভাৰতত উপস্থিত হোৱা বুলি এজন পৰ্যটকে সদৰী কৰে।