NORTHEAST NOW (Assamese)
ক্ৰীড়া

জোহান্সবাৰ্গত ঈৰ্ষণীয় ৰেকৰ্ডৰ অধিকাৰী হ’ল অৰ্শদীপ: ৰচিলে ভাৰতীয় অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 18, 2023 4:52 pm
India vs South Africa Arshdeep Singh

দেওবাৰে জোহান্সবাৰ্গত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাক বিধ্বস্ত কৰি দ্বিপাক্ষিক এদিনীয়া শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে। ভাৰতীয় বলিং আক্ৰমণত দিশহাৰা হোৱা দক্ষিণ আফ্ৰিকাই ১১৬ ৰাণতে সামৰিছিল ইনিংছ।

দক্ষিণ আফ্ৰিকাৰ এই বিপৰ্যয়ৰ প্ৰধান কাৰণ হৈ পৰিছিল ভাৰতীয় পেচাৰ অৰ্শদীপ সিং। বাওঁহতীয়া পেচাৰগৰাকীয়ে দুৰন্ত প্ৰদৰ্শনেৰে প্ৰটিয়াছ বাহিনীৰ ইনিংছত খহনীয়াৰ সৃষ্টি কৰি দখল কৰিছিল ৫ টাকৈ উইকেট।

নিজৰ কেৰিয়াৰত এইদৰে প্ৰথমবাৰৰ বাবে ৫ উইকেট দখলৰ সফলতা অৰ্জন কৰিছিল অৰ্শদীপে। সমান্তৰালকৈ যুৱ তাৰকাগৰাকীয়ে অৰ্জন কৰে আন এক ঈৰ্ষণীয় কৃতিত্ব।

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভূমিত ৫ উইকেট দখলকাৰী ভাৰতীয় পেচাৰ হিচাপে অভিলেখ ৰচে অৰ্শদীপ সিঙে। সামগ্ৰিকভাৱে এই সাফল্য লভা তেওঁ দ্বিতীয়জন ভাৰতীয় বলাৰ।

ইয়াৰ পূৰ্বে লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালে প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে এই কৃতিত্ব অৰ্জন কৰিছিল। চাহালে ২০১৮ চনত চেঞ্চুৰিয়নত ২২ ৰাণত ৫ উইকেট দখল কৰি এই অভিলেখৰ গৰাকী হৈছিল।

লক্ষণীয়ভাৱে কেৱল দক্ষিণ আফ্ৰিকাৰ ভূমিতে নহয়, প্ৰটিয়াছ দলটোৰ বিপক্ষে যিকোনো স্থানতে এদিনীয়াত পাঁচ উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় পেচাৰ ৰূপেও পৰিগণিত হয় অৰ্শদীপ। তেওঁৰ পূৰ্বে চাহালৰ লগতে আন দুগৰাকী স্পিনাৰেহে এই কৃতিত্ব অৰ্জন কৰিছে।

প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰাক্তন স্পিনাৰ সুনীল যোশীয়ে ১৯৯৯ চনত এই সাফল্য লাভ কলিছিল। তাৰ পিছত চাহালে ২০১৮ চনত আৰু আৰু ৰবীন্দ্ৰ জাডেজাই শেহতীয়াকৈ বিশ্বকাপৰ এক মেচত কলকাতাত দলটোৰ পাঁচটাকৈ উইকেট দখল কৰিছিল।