NORTHEAST NOW (Assamese)
অসম

অনিলনগৰ, নবীননগৰ অথবা জু’ৰোড তিনিআলি নহয়, এইবাৰ কৃত্রিম বানত বুৰিল ডাউন টাউন

Posted by: কল্পজ্যোতি শইকীয়া August 25, 2018 1:42 pm
কল্প বানপানী

শুকুৰবাৰে এঘন্টা ধৰি দিয়া এজাক বৰষুণৰ ফলত জলমগ্ন হৈ পৰে মহানগৰীৰ ডাউন টাউনৰ সমগ্ৰ মটৰীয়া অঞ্চল। ডাউন টাউনৰ কৃষ্ণকান্ত সন্দিকৈ পথটো সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ বাবে যাত্ৰীসকলে বৰ্তমানো হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।

ইয়াৰ ৰিক্সাৱালা কেইজনে এনে পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে। একো একোজন যাত্ৰীৰ পৰা তেওঁলোকে ১০ টকা ভাড়াৰ ঠাইত ১০০ টকাৰ পৰা ১৫০ টকা পৰ্য্যন্ত আদায় কৰিছে।

কল্প বানপানী.jpg 2
কৃত্ৰিম বানপানীয়ে বুৰাই পেলাইছে ডাউন টাউন অঞ্চলৰ বাট পথ। ফটো : নৰ্থইষ্ট নাও

ইফালে এজাক বৰষুণেই টোপনি হৰিছে মটৰীয়াৰ স্থানীয় বাসিন্দাসকলৰ মাজত। ঘৰৰ ভিতৰত এককাঁল পানী সোমোৱাৰ ফলত স্থানীয় একাংশ ৰাইজে নিশাটো অনাহাৰে থাকিবলগীয়া হোৱাৰ লগতে বিনিদ্ৰ ৰজনীৰে কটাবলগীয়া হৈছে।

এগৰাকী ভুক্তভোগী অনন্ত বৈৰাগীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি তেওঁ মাজুলীত অতদিন বাস কৰি আহিছিল, কিন্তু সেই অঞ্চলতো এঘন্টা বৰষুণতে এনেদৰে পানী হোৱা দেখিবলৈ পোৱা নাই।

তেওঁ লগতে কয়, “চৰকাৰ পৰিবৰ্তন হৈ আছে। কিন্তু বৰ্তমানলৈকে কৃত্ৰিম বানপানীৰ এটা স্থায়ী সমাধান কৰিব পৰা নাই জি এম চি অথবা জি এম ডি এই। কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বিষয়াসকল এতিয়া শুই আছে।”

ইয়াৰোপৰি ভুক্তভোগীসকলে পুৱাৰে পৰা বাল্টিৰে পানী সিচিও পানী শেষ কৰিব পৰা নাই। ইপিনে ৰাস্তাবোৰ পানীৰে উপচি পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলো বিদ্যালয়লৈ যোৱাত চৰম অসুবিধাৰ সন্মুখীন হৈছে।