NORTHEAST NOW (Assamese)

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

May 16, 2022 12:19 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰ নগৰৰ নলা-নৰ্দমা সমুহ সময়মতে সঠিকভাৱে খনন নকৰা আৰু পানী ওলাই যোৱাৰ সঠিক ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ গৈছে ঐতিহাসিক শিৱসাগৰ চহৰৰ অধিকাংশ এলেকা।

অথচ ইপিনে নীৰৱ দৰ্শক হৈ আছে শিৱসাগৰৰ পৌৰসভা।

শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চিটি হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত লৈ থকাৰ সময়তে এজাক বৰষুণতেই বুৰ যোৱা শিৱসাগৰ চহৰক কি দৰে ৱৰ্ল্ড হেৰিটেজ চিটি ৰূপে গঢ়ি তুলিব ইয়াকেলৈ ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে।

আনহাতে, শিৱসাগৰৰ এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিবলৈ বিধায়ক অখিল গগৈয়ে বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা সমুহ নিৰ্মাণৰ বাবে এক আঁচনি প্ৰস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল। যাৰবাবে এজাক বৰষুণতেই সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে ৰাইজক জীয়াতু ভোগাইছে।

ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰৰ বিধায়কজন বিৰোধী দলৰ হোৱাৰ বাবেই বৰ্তমানৰ বিজেপি চৰকাৰে শিৱসাগৰৰ উন্নয়ণত গুৰুত্ব নিদিয়া বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

Related News