NORTHEAST NOW (Assamese)

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী

May 29, 2025 10:16 am · এন ই নাও নিউজ, গুৱাহাটী

পুৱাৰ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। চানমাৰি, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, আৰু হাতীগাঁওৰ আদি অঞ্চল জলমগ্ন হৈ পৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মজীৱীসকলৰ দৈনন্দিন জীৱন ব্যাহত হৈ পৰিছে। যিয়ে মহানগৰীৰ নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাক পুনৰ উন্মোচন কৰিছে।

ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক ২-৩ দিনত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস দিছে।

মূল ৰাজপথ আৰু পদপথ পানীৰে ভৰি পৰিছে, যাৰ ফলত যাতায়াত ব্যস্থা ব্যাহত হৈ পৰিছে। যাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মজীৱীসকলে সমস্যাৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত নাগৰিকসকলক বাহিৰলৈ ওলোৱাৰ আগতে জলমগ্ন অঞ্চলসমূহৰ বিষয়ে সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখ্য যে প্ৰশাসনৰ তৰৰ্ফৰ পৰা নিষ্কাশন ব্যৱস্থাৰ উন্নতিৰ বাবে জৰুৰী পদক্ষেপৰ প্ৰয়োজন।

Related News