NORTHEAST NOW (Assamese)
Popular Stories

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2025 2:16 pm

শেহতীয়াকৈ মাইক্ৰছফটে ৯ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। আৰু তাৰ পাছত টেক সংস্থাটোৱে ঘোষণা কৰিলে যে এআইয়ে কোম্পানীটোক ৫০ কোটি ডলাৰ ৰাহি কৰিছে। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪,২৮৫ কোটি টকা। কোম্পানীটোৰ মুখ্য বাণিজ্যিক বিষয়া জুডছন আলথফে কয় যে এই পৰিসংখ্যা কেৱল যোৱা বছৰৰ ভিত্তিত কৰা হৈছে।

শেহতীয়াকৈ সংগঠনটোৱে দিয়া এক উপস্থাপনত তেওঁ এই মন্তব্য কৰে। একে সময়তে কোম্পানীটোৱে ৰিপৰ্ট কৰিছে যে নতুন সামগ্ৰীৰ ৩৫ শতাংশ কড এআইয়ে লিখিছে। আৰু কাম অধিক দ্ৰুতগতিত আগবাঢ়িছে। আনকি মাইক্ৰছফটে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ এআইৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিছে, বিশেষকৈ সৰু ক্লায়েণ্টৰ সৈতে কাম কৰাৰ সময়ত। ইয়াৰ ফলত লাভৰ পৰিসংখ্যাও বৃদ্ধি পায়। অৰ্থাৎ এআইৰ সামগ্ৰিক প্ৰদৰ্শনক লৈ মাইক্ৰছফ্ট অবিশ্বাস্যভাৱে উৎসাহিত।

ইফালে এআইৰ আধিপত্যৰ মূল্য মানুহে দিব লগা হৈছে। শেহতীয়াকৈ মাইক্ৰছফটে ঘোষণা কৰিছে যে তেওঁলোকে ৯ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে তেওঁলোকে ইমান বৃহৎ ছুটী দিছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বিশ্বৰ ৪ শতাংশ আই টি কৰ্মীক।

ইয়াৰ পূৰ্বে ২০২৩ চনত ১০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।তাৰ পিছত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ চাকৰিৰ পৰা বৰ্খাস্ত। কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই কয় যে এই চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো সাংগঠনিক পৰিৱৰ্তনৰ অংশ। নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি দলসমূহক সুশৃংখলিত আৰু উৎপাদনশীলতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।