NORTHEAST NOW (Assamese)

নিখুঁট আৰু স্বচ্ছ হ’ব বিচাৰৰ ৰায়দান : উচ্চতম ন্যায়ালয়ত বিচাৰপীঠৰ কাম কৰিব কৃত্ৰিম বুদ্ধিমত্তাই

March 13, 2026 1:33 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 13, 2026 1:34 pm

এক যুগান্তকাৰী আৰু ঐতিহাসিক সিদ্ধাৰ্থ গ্ৰহণ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ কাম-কাজত অধিক স্বচ্ছতা অনাৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ত গোচৰৰ তালিকা প্ৰস্তুত কৰা আৰু বিভিন্ন ন্যায়াধীশৰ বিচাৰপীঠত গোচৰসমূহ ভাগ কৰি দিয়াৰ বাবে উন্নত প্ৰযুক্তিৰ কৃত্রিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰা হ’ব।

এই নতুন ব্যৱস্থাটো প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে উচ্চতম ন্যায়ালয়ত কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি এটা শীৰ্ষ আইনী সংবাদ প্ৰতিষ্ঠানে দাবী কৰিছে।

বিচাৰ বিভাগৰ কাম-কাজত থকা পুৰণি সমস্যাসমূহ দূৰ কৰি অভিযোগসমূহ নিষ্পত্তি কৰাৰ লক্ষ্যৰেই মুখ্য ন্যায়াধীশ সূৰ্য কান্তে এই পদক্ষেপ গ্ৰহণ কৰিছে। আদালতৰ সূত্রৰ মতে গোচৰৰ বিন্যাস আৰু তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যোৱা দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাই দেখা দি আহিছিল। ইয়াৰ উপৰিও পুৰণি প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বাবে কামৰ গতি লেহেমীয়া হৈ পৰিছিল আৰু কিছুমান বিসংগতিৰ অভিযোগো উত্থাপন হৈছিল। এতিয়া এই কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ ফলত কামৰ গতি বৃদ্ধি পোৱাৰ লগতে সকলোবোৰ অধিক সুচাৰুৰূপে আৰু সঠিকভাৱে সম্পন্ন হ’ব বুলি আশা কৰা হৈছে।

সাধাৰণতে কোনজন ন্যায়াধীশৰ বিচাৰপীঠত কি গোচৰ চলিব সেইটো ঠিক কৰাৰ সম্পূৰ্ণ অধিকাৰ দেশৰ মুখ্য ন্যায়াধীশৰ থাকে। তেওঁক মাষ্টাৰ অফ ৰষ্টাৰ বুলি কোৱা হয়। কিন্তু কোনটো গোচৰ কেতিয়া শুনানিৰ বাবে আহিব বা তালিকাৰ কিমান নম্বৰত থাকিব সেইটো উচ্চতম ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰসকলে স্থিৰ কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তে শেহতীয়াকৈ এই পদ্ধতিত কিছুমান খুঁত আৰু অনিয়ম লক্ষ্য কৰিছে। ইয়াৰ পূৰ্বেও গোচৰৰ তালিকা প্ৰস্তুত কৰাক লৈ বিভিন্ন পক্ষৰ পৰা দূৰ্নীতিৰ অভিযোগ উঠিছিল।

বহু গোচৰীয়াৰ অভিযোগ আছিল যে তালিকা প্ৰস্তুত কৰাৰ সময়ত অনিয়ম সংঘটিত হয় যাৰ বাবে তেওঁলোকৰ গোচৰ শুনানিত পলম হয়। এই অভিযোগসমূহৰ প্ৰতি লক্ষ্য কৰিয়েই মুখ্য ন্যায়াধীশে এই ঐতিহাসিক সিদ্ধান্ত লৈছে। যদিও উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ত কোনো চৰকাৰী আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই কিন্তু এই পদক্ষেপে সমগ্ৰ বিচাৰ ব্যৱস্থাতে এক নতুন দিগন্তৰ সূচনা কৰিব বুলি চৰ্চা চলিছে।

Related News