NORTHEAST NOW (Assamese)
অসম

গোৱালপৰীয়া লোকগীতৰ সাধক, নাট্যকাৰ হজৰত আলীৰ বিয়োগ : চাপৰত শোকৰ ছাঁ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ June 8, 2022 7:15 pm
গোৱালপৰীয়া লোকগীতৰ সাধক, নাট্যকাৰ হজৰত আলীৰ বিয়োগ : চাপৰত শোকৰ ছাঁ

গোৱালপৰীয়া লোকগীতৰ সাধক, নাট্যকাৰ, অভিনেতা, দোতৰা বাদক, কাহিনী লেখক, চাপৰস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা চাপৰ চহৰৰ ঘুনিমাৰীৰ বাসিন্দা হজৰত আলী (৫৫) আৰু নাই।

গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে যোৱা ২ জুনৰ দুপৰীয়া চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্তব্যৰত অৱস্থাত হজৰত আলী উচ্চ ৰক্তচাপজনিত কাৰণত আকস্মিকভাৱে অসুস্থ হৈ পৰে। ততাতৈয়াকৈ তেওঁক চাপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ব্ৰেইন ষ্ট্ৰোক ‘ত আক্ৰান্ত হোৱা আলীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ নিয়া হয়।

কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি হোৱাত তেওঁক গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আলীক কালি গুৱাহাটী মেট্ৰো হাস্পতালত নিয়া হয়। কিন্তু আজি পুৱা চিকিৎসাধীন অৱস্থাতে তাতে তেওঁৰ মৃত্যু হয়।

চৰকাৰী চাকৰিৰ সমান্তৰাল ভাবে হজৰত আলী গোৱালপৰীয়া লোকগীতৰ এগৰাকী একনিষ্ঠ সাধক আছিল। আঞ্চলিক ভাষাত চিনেমা নিৰ্মাণ কৰা প্ৰতিষ্ঠান ‘চম্পাৱতী প্ৰডাকচন’ৰ মৃত্যুৰ আগলৈকে তেওঁ প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছিল। চম্পাৱতী প্ৰডাকচনৰ বেনাৰত ২০০৩ চনতে নিৰ্মাণ কৰা গোৱালপাৰীয়া ভাষাৰ চিনেমা ‘চেংৰা বন্ধুৰে’ত আলীয়ে অভিনয় কৰিছিল। তাৰ পিছত তেওঁ ‘চাৰিয়া নাজাইস ৰে’ আদিকে ধৰি চাদ্ৰী আৰু বাংলা ভাষাত নিৰ্মিত ‘প্যাৰী মুন্নী ‘ নামৰ চিনেমা খনত চাহ বাগিচাৰ চৰ্দাৰৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল।

এই চিনেমা খনৰ কাহিনীকাৰো হজৰত আলীয়ে আছিল। তাৰোপৰি আন কেইবাখনো গোৱালপাৰীয়া, চাদ্ৰী আদি আঞ্চলিক ভাষাত নিৰ্মিত চিনেমাতো তেওঁ অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁৰ মৃতদেহ ঘুনীমাৰীস্থিত বাসগৃহলৈ অনাৰ পিছতে চাপৰস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত উপ পৰিদৰ্শক জিন্না আলম, বি আৰ পি উৎপল কলিতা আৰু অন্যান্য কৰ্মচাৰীবৃন্দ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তেওঁৰ অকাল বিয়োগত ধুবুৰী জিলা স্কুল সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী তথা লেখক চাজিদ হুছেইন ,চাপৰ প্ৰেছ ক্লাব, চম্পাৱতী প্ৰডাকচনৰ ডাইৰেক্টৰ তথা মৰিগাওঁৰ জ্যেষ্ঠ উপ-পঞ্জীয়ক দীপ্তি ইছলাম, চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সম্ৰাট ব্ৰহ্ম,চাপৰ পৌৰসভাৰ ৬নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ চুৰত আলী শ্বেইখ, গদাধৰ কবি চক্ৰৰ সম্পাদক অহিদ খান পেৰিছ, দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুছেইন,চাপৰ চক্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হাছেম আলী, শিক্ষক আব্দুলা শ্বেখ , অমল কুমাৰ দাস, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ আদিকে ধৰি বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত আলীয়ে পত্নীসহ তিনি পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে।