NORTHEAST NOW (Assamese)

অভিনৱ প্ৰতিবাদ! গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ দাবীৰে মাজনিশা ৰং তুলিকা হাতত লৈ ৰাজপথত চিত্ৰ অংকনত ব্যস্ত চিত্ৰশিল্পী

October 15, 2024 11:20 am · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
ফটোঃ নৰ্থইষ্ট নাও।

নিশা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰং তুলিকা হাতত লৈ চিত্ৰ অংকনত ব্যস্ত থাকিল এগৰাকী উদীয়মান চিত্ৰশিল্পী।

হোলোঙাপাৰ গিবন অভয়াৰণ্যক সম্পূৰ্ণ সুৰক্ষাৰ দাবীত এইবাৰ শিৱসাগৰৰ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ অৰ্ধনিৰ্মিত বাইপাছৰ দেৱালত চিত্ৰ অংকন কৰিলে চিত্ৰ শিল্পী গৰাকীয়ে।

অনাগত দিনত গিবন অভৰায়ণ্য”ত যাতে কোনো তৈল খনন নহয় তাৰ দাবীত নিশা চিত্ৰ নিৰ্মাণত ব্যস্ত থাকিল উদীয়মান চিত্ৰশিল্পী মাৰ্চেল বৰুৱা।

দেৱালত গিবনৰ মনোৰম চিত্ৰ অংকন কৰাৰ লগতে “তেজ দিম, তেল নিদিওঁ” শ্লোগান লিখি চৰকাৰৰো দৃষ্টি আকৰ্ষণৰ চেষ্টা মাৰ্চেল বৰুৱাৰ। সমান্তৰালকৈ গিবন অভয়াৰণ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজক সজাগ কৰাৰো প্ৰয়াস কৰিছে মাৰ্চেল বৰুৱাই।

উল্লেখ্য যে গুৱাহাটী মহানগৰটো এখন তেনে চিত্ৰ অংকন কৰিছিল যদিও সেইখন মোহাৰি পেলাইছিল আৰক্ষী প্ৰশাসনে।

ইপিনে কোনো কাৰণতে এই যাত্ৰ থমকি নৰয় বুলি স্পষ্ট কৰি দিছে মাৰ্চেল বৰুৱাই। যোৱা নিশা চিত্ৰ শিল্পী গৰাকীৰ প্ৰতি সমৰ্থন জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যয়ো চিত্ৰ অংকনস্থলীত উপস্থিত থাকে।

Related News