NORTHEAST NOW (Assamese)
অসম

‘পৰিৱৰ্তনৰ বিপ্লৱ বিচৰা’ জুবিনে আলফালৈ লিখিলে মুকলি চিঠি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2019 10:57 am
Ulfa & Zubeen

অসমৰ অতি জনপ্ৰিয় তথা আদৰৰ শিল্পী জুবিন গাৰ্গে শেহতীয়াকৈ ছচিয়েল মিডিয়া যোগে আলফালৈ লিখা এখন মুকলি চিঠিত অন্তৰ্স্পশী কিছু কথা ব্যক্ত কৰিছে। সামাজিক বিষয়ত অতি নিৰ্ভীকভাৱে মাত মাতি অহা শিল্পীগৰাকীয়ে আলফাক নিৰীহক হত্যাৰে কোনো ফলাফল লাভ কৰিব নোৱাৰে বুলিও সোঁৱৰাই দিছে।

আলফালৈ লিখা চিঠিখনত জুবিনে লিখিছে, ‘’ মই এটা বিপ্লৱ বিচাৰো। মই এটা পৰিৱৰ্নৰ বিপ্লৱ বিচাৰো। নিৰীহ লোকৰ হত্যাৰ দ্বাৰা কোনো সুফল লাভ কৰিব নোৱাৰি। সন্ত্ৰাসে এটা জাতি গঠন কৰিব নোৱাৰে। শ্ৰমে পাৰে। কঠোৰ পৰিশ্ৰমে পাৰে।‘’

বাস্তৱৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি জুবিনে আলফালৈ লিখিছে, ‘’আমাৰ সন্তানক কেনেকৈ খেতি-বাতি কৰিব লাগে তাক শিকাওক। কেনেকৈ শূন্যৰ পৰা বীজ অংকুৰিত কৰিব পাৰে সেয়া শিকাওক। তেওঁলোকৰ সপোনক কিদৰে লালন কৰিব লাগে তাক শিকাওক। আপোনালোকে যদি কিবা গঢ়িব বিচাৰিছে, মাজুলীক গঢ়ি তোলক! আপোনালোকে যদি কিবা ধ্বংস কৰিব বিচাৰিছে, কাজিৰঙাৰ প্ৰতি অহা ভাবুকিক ধ্বংস কৰক!’’

Zubeen
ফেচবুকত প্ৰকাশ পোৱা জুবিনৰ পত্ৰখন।

অসমৰ জলন্ত সমস্যা সম্পৰ্কতো জুবিনে আলফালৈ লিখিলে,‘’বানপানীৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাক এটা বিপ্লৱৰ প্ৰয়োজন। আমাক মুলসুঁতিৰ সৈতে মিলিবলৈ এটা বিপ্লৱৰ প্ৰয়োজন।

তদুপৰি, জুবিনে লিখিছে, ‘’আমাৰ নিজৰ ওপৰত থিয় হ’ব পৰাটোৱেই স্বাধীনতা। সন্ত্ৰাসৰ মাজত আপুনি মুক্ত হ’ব নোৱাৰে। অস্থিৰতাই কোনো পৰিৱৰ্তন আনিব নোৱাৰে।‘’

‘’এই মানুহৰ কাৰণে আমি এটা জাতি হৈ আছো। মানুহেই যদি বাচি নাথাকে, আমি কাক লৈ বাচি থাকিম?,’’-আলফালৈ জুবিনৰ প্ৰশ্ন।

সন্ত্ৰাসবাদৰ অন্ত:সাৰশূন্যতাৰ কথা উল্লেখ কৰি জুবিনে লিখিছে, ‘’মই সন্ত্ৰাসবাদৰ বিৰুদ্ধ যুঁজিছো। সন্ত্ৰাসবাদে কেতিয়াও আপোনাৰ অধিকাৰৰ এটা অৰ্থ আনি দিব নোৱাৰে। শিক্ষাই পাৰে। উন্নয়নে পাৰে। প্ৰগতিয়ে পাৰে।‘’

শিল্পীৰ দায়বদ্ধতাৰ কথাও কিন্তু ক’বলৈ পাহৰা নাই জুবিনে। জুবিনে লিখিছে, ‘’ প্ৰতিজন মানুহেই একোজন শিল্পী, আৰু প্ৰতিজন শিল্পীয়ে শান্তিৰ পক্ষত থিয় দিয়ে। মই শান্তি আৰু শ্ৰমৰ বাৰ্তাবাহক। আহক আমি কাম কৰো, সপোন দেখো, আমাক এখন বিশাল আৰু মুকলি আকাশ স্পৰ্শ কৰিবলৈ দিয়ক!’’

শেহত জুবিনে আহ্বান জনাইছে, ‘’আমাৰ সন্তানসকলক শান্তিত ডাঙৰ হ’বলৈ দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক। মৃত্যুৰ পাছত কোনো ন্যায় নাই।‘’

শেহতীয়াকৈ গ্ৰেনেড বিস্ফোৰণ ঘটাই সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচৰা আলফাক শিল্পী জুবিনে এইদৰে এক সময়োপযোগী তথা যুক্তিপূৰ্ণ ভাষাৰে শান্তিৰ পক্ষত অৱস্থান কৰিবলৈ সাৱলীল ৰূপত আহ্বান জনাইছে।