NORTHEAST NOW (Assamese)
অসম

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2023 9:02 pm
জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

দেওবাৰে ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীৰ এখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। 

এই বৈঠকতে জাতীয় নাৰী বাহিনীৰ কাৰ্যকৰী সভানেত্ৰী অৰুণা বৰা হাজৰিকাক দলৰ নতুন ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। 

উক্ত সভাই দুলীয়াজানৰ শেৱালি হাতীমূৰীয়া আৰু গুৱাহাটীৰ প্ৰমিলা দাসকো  নাৰী বাহিনীৰ ক্ৰমে সাংগঠনিক সম্পাদিকা আৰু কাৰ্যনিৰ্বাহক সদস্য হিচাপে দ্বায়িত্ব অৰ্পণ কৰে। 

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই নতুনকৈ দ্বায়িত্ব প্ৰাপ্ত সকললৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে দুগুণ উৎসাহেৰে দলীয় কাম কাজ আগুৱাই নিবলৈ আহ্বান জনায়।