NORTHEAST NOW (Assamese)

১১ ঘণ্টাত ২৪ কিলোমিটাৰ পাহাৰীয়া পথ খোজকাঢ়ি গৈ মানুহৰ খবৰ ল’লে এজন মুখ্যমন্ত্ৰীয়ে

September 12, 2020 5:22 pm · এন ই নাও নিউজ
Updated: September 12, 2020 5:27 pm

মন্ত্ৰী-বিধায়ক বুলি ক’লেই আমাৰ মানসপটত ভাঁহি উঠে চাইৰেন বজাই যোৱা এলানি গাড়ীৰ ছবি।

গাড়ীৰ ভিতৰত বহি যায় মন্ত্ৰী।

প্ৰায়সংখ্যক মন্ত্ৰীয়ে প্ৰয়োজন নহ’লে গাড়ীৰ পৰা নানামেই,খোজকঢ়াতো দূৰৰে কথা।

কিন্তু আৰাম প্ৰিয় এনে মন্ত্ৰী সকলক বাদ দিও আমাৰ দেশতে আছে এনে মন্ত্ৰীও যিয়ে সকলো দুখ-কষ্ট পাহৰি পাহাৰীয়া দুৰ্গম পথো অতিক্ৰমি সাধাৰণ লোকৰ খবৰ লয়।

শেহতীয়াকৈ দুৰ্গম পথেৰে খোজকাঢ়ি মানুহৰ খবৰ লোৱাৰ বাবে চৰ্চালৈ আহিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নাম।

পেমা খাণ্ডুৱে শেহতীয়াকৈ টাৱাঙৰ পৰা ৯৭ কিলোমিটাৰ দূৰৈত অৱস্থিত অতি ভিতৰুৱা লুগুথাং নামৰ গাওঁখনলৈ খোজকাঢ়িয়েই গৈ সেই ঠাইৰ বাসিন্দাসকলৰ  খবৰ লৈছে।

সমুদ্ৰপৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত লুগুথাং গাওঁলৈ খাণ্ডুৱে যাত্ৰা কৰি ১১ ঘণ্টাত গন্তৱ্যস্থল পাবলৈ সক্ষম হৈছে।

১১ ঘণ্টাত ২৪ কিলোমিটাৰ অতি দুৰ্গম পাহাৰীয়া পথ অতিক্ৰম কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সাধাৰণ মানুহৰ খবৰ লোৱাৰ কথাই এতিয়া বহুতোকে আচৰিত কৰাৰ লগতে বহু আৰামপ্ৰিয় মন্ত্ৰী -বিধায়কক লাজতো পেলাইছে।

উল্লেখ্য পেমা খাণ্ডুৰ পিতৃ দৰ্জে খাণ্ডুও অৰুণাচলৰ মুখ্যমন্ত্ৰী আছিল আৰু ২০১১ চনৰ ৩০ এপ্ৰিলত টাৱাঙৰ পৰা ইটানগৰলৈ আহি থকা অৱস্থাত হেলিকপ্তাৰ দুৰ্ঘটনা ঘটি তেওঁৰ মৃত্যু ঘটিছিল।

Related News