NORTHEAST NOW (Assamese)
অসম

অৰুণাচল প্ৰদেশত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান ক’লা ভালুক

Posted by: ডমিয়েন লেপছা Updated by: ডমিয়েন লেপছা September 12, 2020 9:19 pm
a4bf2606-a9f8-4d7b-bbf2-05ff1ab36244

অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হৈছে দুটাকৈ দুষ্প্ৰাপ্য হিমালয়ান ক’লা ভালুক।

শনিবাৰে ৰাজ্যখনৰ টিৰাপ জিলাৰ ডেডাম অৰণ্যাঞ্চলত স্থানীয় লোকে উদ্ধাৰ কৰে ভালুক দুটা।

স্থানীয় লোকে ভালুক দুটা উদ্ধাৰ কৰাৰ পিছত মিয়াও মিনি চিৰিয়াখানাৰ কৰ্তৃপক্ষক গতাই দিয়ে।

ডাডাম ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জনোৱা মতে মক’টুৱা গাঁৱৰ টেংগ্ৰিট নক’বিয়ে ডাডামৰ অৰণ্য অঞ্চলত দুয়োটা ভালুকক উদ্ধাৰ কৰে।

নক’বিয়ে ভালুক দুটা উদ্ধাৰ কৰি পশ্চিম খুনছাৰ বিধায়ক চাকাট আব’হৰ হাতত চমজাই দিয়ে।

চিৰিয়াখানাত ভালুক দুটা চমজাই দিয়াৰ পিছত বিষয়া গাকীয়ে কয় “ভালুক দুটাৰ বয়স বেছি নহয়। ভালুক দুটাৰ খোৱা-বোৱা, স্বাস্থ্যৰ যতন আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মিয়াও মিনি চিৰিয়াখানাৰ কৰ্তৃপক্ষক চমজাই দিয়া হৈছে।”

খুনচাৰ বন বিভাগে ভালুক দুটাক চিৰিয়াখানাত চমজাই দিয়াৰ সকলো ব্যৱস্থা কৰি দিয়ে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে হিমালয়ান ক’লা ভালুক হিমালয়ৰ পাদদেশ ভাৰত, নেপাল আৰু চীনতেহ পোৱা যায়।