NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশত নতুন ক’ভিড-১৯ পজিটিভ চিনাক্ত

Posted by: ডেমিয়েন লেপচা Updated by: ডেমিয়েন লেপচা May 24, 2020 9:51 pm
1862 persons test COVID-19 positive in Assam on Friday

এজন ছাত্ৰ দেওবাৰে অৰুণাচল প্ৰদেশত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ছাত্ৰজন যোৱা ১৮ মে’ত দিল্লীৰ পৰা অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিছিল।

স্বাস্থ্য বিভাগৰ বিষয়াৰ মতে ছাত্ৰজনক আনুষ্ঠানিক কুৱাৰেণ্টিনত ৰখা হৈছিল আৰু ২২ মে’ত তেওঁৰ স্বাব নমুনা সংগ্ৰহ কৰা হৈছিল।

“ৰোগীগৰাকী সম্পূৰ্ণৰূপে লক্ষণহীন আৰু তেওঁক আমাৰ চিকিৎসা গোটে শুশ্ৰূষা কৰি আছে,” বিষয়াগৰাকীয়ে জনায়।

বিষয়াগৰাকীয়ে জনোৱা মতে, ছাত্ৰজনে দিল্লীৰ ৱেষ্ট পেটেল নগৰত বাস কৰিছিল আৰু ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

বিষয়াগৰাকীয়ে লগতে জনাই যে ছাত্ৰজন দিল্লীৰ পৰা আৰু ৩৩গৰাকী সহযাত্ৰীৰ সৈতে অৰুণাচল প্ৰদেশলৈ আহিছিল।

“ছাত্ৰজনৰ সৈতে বাছত অহা লোকসকলৰ কন্তেক্ত ট্ৰেচিং কৰাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ দলে চেষ্টা কৰি আছে,” বিষয়াগৰাকীয়ে জনায়।

অৰুণাচল প্ৰদেশত ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ এইটো দ্বিতীয়টো ঘটনা।

ইয়াৰ পূৰ্বে ৩১ বছৰীয়া এজন ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল। তেওঁ ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

ৰাজ্যখনৰ প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগীয়ে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিঘি জামাতত ভাগ লৈছিল আৰু ১ এপ্ৰিলত তেওঁক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।