NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশত নতুনকৈ এজন ক’ভিড-১৯ পজিটিভ চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 10:00 am
COVID19: 2772 persons discharged in Assam on Thursday

বুধবাৰে নিশা অৰুণাচল প্ৰদেশত পুনৰ এজন ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইটাৰৰ জৰিয়তে এই কথা জানিব দিয়ে। অৱশ্যে আক্ৰান্ত লোকজনৰ নম, ঠিকনা প্ৰকাশ কৰা নাই।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দি কয় যে ৰোগীজনৰ দেহত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ কোনো লক্ষণ দেখা দিয়া নাছিল।

ক’ভিড-১৯ত আক্ৰান্ত এই ৰোগীজনক ইতিমধ্যে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ক’ভিড-১৯ কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় বুলিও জনায়।

বৰ্তমান ৰোগীজনৰ অৱস্থা সুস্থ বুলি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইটটোৰ জৰিয়তে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা নিশা চিনাক্ত হোৱা এই ৰোগীজনৰ সহিতে অৰুণাচল প্ৰদেশত এতিয়া দুজন লোক চিকিৎসাধীন হৈ আছে।