NORTHEAST NOW (Assamese)
Popular Stories

অৰবিন্দ কেজৰিৱালৰ জামিন আদেশত স্থগিতাদেশ; আৰম্ভ হ’ল দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2024 1:40 pm

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাবে ডাঙৰ বিপৰ্যয়ৰ ৰূপত শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এতিয়া বাতিল কৰা আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জামিন প্ৰদান কৰা নিম্ন আদালতৰ নিৰ্দেশ স্থগিত কৰে। বিচাৰ আদালতৰ জামিন নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল বলবৎকাৰী সঞ্চালকালয়ে।

ন্যায়াধীশ সুধীৰ কুমাৰ জৈন আৰু ৰবিন্দৰ ডুডেজাৰ বিচাৰপীঠে বিচাৰ আদালতৰ কাৰ্যবিধি স্থগিত ৰাখি কয় যে, “উচ্চ ন্যায়ালয়ে বিষয়টো গ্ৰহণ নকৰালৈকে জামিন স্থগিত থাকক। দিল্লী উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ নকৰালৈকে বিচাৰ আদালত (ৰাউছ এভিনিউ)ৰ সন্মুখত কোনো কাৰ্যবিধি আৰম্ভ নহ’ব।”

উচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি নোলোৱালৈকে এতিয়া জেলত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।

বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত ন্যায়াধীশ ন্যায় বিন্দুৰ বিচাৰপীঠে কেজৰিৱালক জামিনৰ অনুমতি দিয়াৰ লগতে ইডিৰ এই আদেশত ৪৮ ঘণ্টীয়া স্থগিতাদেশৰ অনুৰোধো নাকচ কৰে।

ইডিৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এ এছ জি) এছ ভি ৰাজুৱে দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰে যে সংস্থাটোক নিজৰ গোচৰ দাখিল কৰাৰ উচিত সুযোগ দিয়া হোৱা নাছিল৷

ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ ৪৫ নং ধাৰা উদ্ধৃতি দি ৰাজুৱে জামিন আদেশ স্থগিত ৰাখি বিষয়টো দীঘলীয়াকৈ শুনানি ল’বলৈ অনুমতি দিবলৈ আদালতক আহ্বান জনায়।