Home › দেশ অৰবিন্দ কেজৰিৱালক জেলত হত্যাৰ ষড়যন্ত্ৰ চলিছে-অভিযোগ পত্নী সুনীতা কেজৰিৱালৰ April 21, 2024 7:44 pm · দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে দেওবাৰে দাবী কৰে যে তিহাৰ জেলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ চলিছিল। লগতে আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীৰ প্ৰতিটো আহাৰ গ্ৰহণ কৰ্তৃপক্ষই নিৰীক্ষণ কৰি থকা বুলিও সুনীতাই দাবী কৰে৷ সুনীতা কেজৰিৱালে কয় যে, ” কেজৰিৱালে আহাৰ গ্ৰহণ কৰাৰ সময়ত কেমেৰা লগোৱা হয়। তেওঁ কৰা প্ৰতিটো কামৰ নিৰীক্ষণ কৰা হয়। এয়া যথেষ্ট লজ্জাজনক। তেওঁ এজন মধুমেহৰ ৰোগী আৰু ১২ বছৰ ধৰি ইনচুলিন গ্ৰহণ কৰি আছে, কিন্তু জেলত ইনচুলিনৰ পৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে দিল্লীৰ মুখ্যমন্ত্ৰীক হত্যা কৰিব বিচাৰে।” ইয়াৰ উপৰিও ভাষণত সুনীতা কেজৰিৱালে বৰ্তমানৰ শাসন ব্যৱস্থাক ‘একনায়কত্ববাদ’ বুলি অভিহিত কৰে কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক দোষী সাব্যস্ত নোহোৱাকৈয়ে কাৰাগাৰত ভৰাই থোৱা হৈছে। লগতে সুনীতা কেজৰিৱালে কয় যে “অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ বাবে নিজৰ জীৱন বাজীত লগাইছে।তেওঁ এজন আইআইটিআন, তেওঁ বিদেশলৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ দেশপ্ৰেমক অগ্ৰাধিকাৰ দিয়ে। আইআৰএছ হিচাপে তেওঁ জনসেৱা কৰিবলৈ অৱসৰ লৈছিল।” সুনীতা কেজৰিৱালে এই কথাও আঙুলিয়াই দিয়ে যে যোৱা মাহত দিল্লী সুৰা নীতিৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱাল এজন ডায়েবেটিছ ৰোগী আৰু যোৱা ১২ বছৰ ধৰি প্ৰতিদিনে ৫০ ইউনিট ইনচুলিন গ্ৰহণ কৰি আহিছে। ‹ ডিব্ৰুগড়ত আৰক্ষী কনিষ্টবলক খুন্দা নৈশ বাছৰঃ চালকৰ… স্বাধীনতাৰ ৭৬ বছৰ পাছত প্ৰথমবাৰৰ বাবে মিৰ্জাপুৰৰ… › Related News১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেইJuly 10, 2026 8:46 pm · এন ই নাও নিউজ, গুৱাহাটীষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবীJuly 10, 2026 8:05 pm · এন ই নাও নিউজ, গুৱাহাটীভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰJuly 10, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটীধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যুJuly 10, 2026 6:10 pm · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণJuly 10, 2026 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী