NORTHEAST NOW (Assamese)
Popular Stories

পুৰোহিতসকলে মাহিলী ১৮ হাজাৰ টকা ভাট্টা লাভ কৰিব! কোন ৰাজ্যৰ চৰকাৰে দিলে এই প্ৰতিশ্ৰুতি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2024 3:55 pm
পুৰোহিতসকলে মাহিলী ১৮ হাজাৰ টকা ভাট্টা লাভ কৰিব! কোন ৰাজ্যৰ চৰকাৰে দিলে এই প্ৰতিশ্ৰুতি?

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ আন এক ডাঙৰ ঘোষণা। এইবাৰ তেওঁ পুৰোহিতসকলৰ বাবে মাহিলী ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। কেজৰিৱালে ঘোষণা কৰে যে যদিহে দিল্লীত আপ পুনৰ ক্ষমতালৈ আহে তেন্তে পুৰোহিতসকলক প্ৰতিমাহে ১৮ হাজাৰ টকা ভাট্টা দিয়া হব। কেজৰিৱালে লগতে কয় যে একে পৰিমাণৰ ধন কেৱল পুৰোহিতকে নহয়, গুৰদ্বাৰাৰ গ্ৰন্থীসকলকো দিয়া হব।

সোমবাৰে কেজৰিৱালে কয় যে পুৰোহিত আৰু গ্ৰন্থীসকল আমাৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ ৰক্ষক। নিস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি আহিছে। দুৰ্ভাগ্যজনকভাৱে কোনেও কেতিয়াও নিজৰ আৰ্থিক সুৰক্ষাৰ কথা ভবা নাছিল। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁ নিজেই হনুমান মন্দিৰ পৰিদৰ্শন কৰিব।

কেজৰিৱালৰ নতুন আঁচনি দিল্লীবাসীৰ বাবে কল্যাণমূলক আঁচনিৰ ধাৰাবাহিকতা। ইতিমধ্যে আপৰ মুৰব্বীগৰাকীয়ে ৬০ বছৰীয়া যুৱক-যুৱতীসকলৰ বাবে ‘সঞ্জীৱনী যোজনা আঁচনিৰ কথা ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লীৰ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো নাগৰিকে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। ইয়াৰ উপৰিও আপে ‘মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা নামৰ আন এক আঁচনিও ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত দিল্লী চৰকাৰে ১৮ বছৰৰ ওপৰৰ দিল্লী মহিলাক প্ৰতিমাহে ২১০০ টকা ভাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কৰ্মী বা যিকোনো ৰাজনৈতিক পদবীৰ বাহিৰে সকলো মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব।