NORTHEAST NOW (Assamese)

মহানগৰীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত আলোকচিত্ৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী

August 20, 2018 5:32 pm · ছাজিদ খান
ফটো : নৰ্থ-ইষ্ট নাও

বিশ্ব আলোকচিত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ‘ছবি’ শীৰ্ষক এখন বাৰ্ষিক আলোকচিত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰা হৈছে।

আজিৰে পৰা অনুষ্ঠিত হোৱা এই আলোকচিত্ৰৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখন মহাবিদ্যালয়খনৰ চৌহদত তৃতীয় বছৰৰ বাবে অনুষ্ঠিত কৰা হৈছে।

মহাবিদ্যালয়খনৰ ফটো ফ’ৰামে এই প্ৰতিযোগিতা তথা প্ৰদৰ্শনীখনৰ পৃষ্ঠপোষকতা কৰিছে। ইয়াত ৮০ গৰাকী ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰে। তেওঁলোকৰ ফটোগ্ৰাফসমূহ এতিয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

ফ’ৰামৰ এগৰাকী সদস্য মৃন্ময় শৰ্মাই কৈছে যে ফটো ফ’ৰাম হৈছে প্ৰতিশ্ৰুতিসম্পন্ন ফটোগ্ৰাফাৰসকলৰ এখন উমৈহতীয়া মঞ্চ। এই ফ’ৰামখনত বৰ্তমানৰ লগতে অতীতৰ ছাত্ৰসকলক লগ পোৱাৰ সুযোগ আছে।

উপাধ্যাক্ষ ড০ মৃণাল শৰ্মাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এই অনুষ্ঠানটো উদ্বোধন কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই।

Related News