NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিডৰ দ্বিতীয় ঢৌ তীব্ৰ হোৱাৰ সময়তে কোনো বাধা নিষেধ অবিহনেই আৰম্ভ হ’ল কুম্ভমেলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 4:04 pm

ক’ভিড়-১৯ৰ দ্বিতীয় ঢৌৱে দেশত তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে সোমবাৰে আৰম্ভ হৈছে কুম্ভ মেলা।

কোনোধৰণৰ ক’ভিড বাধা নিষেধ নমনাকৈয়ে হাজাৰ হাজাৰ লোকে উত্তৰাখণ্ডৰ হৰিদ্বাৰত সমবেত হৈছে আৰু পবিত্ৰ গংগাত স্নান কৰিছে।

প্ৰশাসনে জনাইছে যে ভক্তৰ ব্যাপক সমাগমৰ বাবে সুৰক্ষা বিধিসমূহ আৰোপ কৰিবলৈ কঠিন হৈ পৰিছে।

উল্লেখযোগ্য যে ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভ মেলা চাৰিখন চহৰত উদযাপন কৰা হয়- এলাহাবাদ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনী।

এইবাৰ এই মেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছে।

দুমাহ ধৰি এই মেলা অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে সোমবাৰে ভাৰতে ক’ভিড-১৯ কেচৰ ক্ষেত্ৰত সংখ্যাগতভাৱে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত উপনীত হৈছে।

এইক্ষেত্ৰত ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰিছে।

ইতিমধ্যে ভাৰতত মুঠ ১৩.৫ মিলিয়ন ক’ভিড কেচ পোৱা গৈছে।

ভাৰততকৈ আগত আছে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰত ৩১ মিলিয়ন লোক ক’ভিডত আক্ৰান্ত হৈছে।

এই পৰিস্থিতিৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে কুম্ভ মেলা বাতিল কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু চৰকাৰে কৈছিল যে ক’ভিড বাধা-নিষেধসমূহ সঠিকভাৱে পালন কৰি কুম্ভ মেলা অনুষ্ঠিত কৰা হ’ব।

তদুপৰি চৰকাৰে কৈছিল যে কেৱল ক’ভিড টেষ্টত নিগেটিভ ৰিপ’ৰ্ট পোৱা লোকসকলকহে মেলাস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব।

কিন্তু সাধু-সন্ন্যাসীকে ধৰি বহুসংখ্যক ভক্তৰ ক’ভিড টেষ্টত প’জিটিভ পোৱা গৈছে।

ইয়াৰ পৰা আশংকা কৰা গৈছে যে সোমবাৰৰ স্নানকাৰ্যই ক’ভিড ভাইৰাচবিধক সোঁচৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু ভক্তসকলৰ দ্বাৰা দেশৰ চুকে কোণে ভাইৰাচবিধ পুনৰ বিয়পি পৰিব।

যিসময়ত মহাৰাষ্ট্ৰত লকডাউন প্ৰয়োগ কৰাৰ উপৰিও দিল্লী-পঞ্জাৱত সান্ধ্যআইন পালন কৰা হৈছে, সেই সময়ত কুম্ভ মেলা অনুষ্ঠিত কৰিবলৈ চৰকাৰে সেউজ সংকেত দিয়াৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকল হতভম্ব হৈ পৰিছে।