NORTHEAST NOW (Assamese)

বসন্ত আৰু ৰুবেল্লা প্ৰতিষেধক অভিযান : সহযোগৰ বাবে মাজুলীৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক-অভিভাৱকলৈ আহ্বান উপায়ুক্তৰ

August 16, 2018 8:48 pm · মিটু খাটনিয়াৰ

সমগ্ৰ ভাৰতৰ লগতে মাজুলীতো শনিবাৰৰ পৰা বসন্ত ৰোগ আৰু ৰুবেল্লা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হব। ৯ মাহৰ পৰা ১৫ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীক বসন্ত আৰু ৰুবেল্লা ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে  টিকাকৰণ কৰা হ’ব। এই ৰোগ দুটাৰ আগতীয়া প্ৰতিষেধক হিচাপে টিকাকৰণৰ অভিযান জিলা খনৰ সকলো বিদ্যালয়ৰ লগতে গাঁৱে গাঁৱে চলোৱাৰ বাবে মাজুলী জিলা স্বাস্থ্য বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

জিলা খনৰ ৯ মাহৰ পৰা ১৫ বছৰৰ কোনো শিশু তথা কিশোৰ-কিশোৰী যাতে এই টিকাকৰণৰ পৰা বাদ নপৰে সেইয়া সুনিশ্চিত কৰাত সহযোগ কৰিবলৈ মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীৰ সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে অভিভাৱক সকলকো অনুৰোধ জনাইছে ।

ইফালে মাজুলী জিলাৰ স্বাস্থ্য বিভাগৰ তত্বাবধায়ক শশীধৰ ফুকনে জনোৱা মতে জিলাখনৰ সকলো বিদ্যালয়ৰ লগতে সকলো অংগনৱাদী কেন্দ্ৰ, গাঁৱৰ সামুহিক অনুষ্ঠানৰ চৌহদ আৰু সকলো চৰকাৰী চিকিৎসা কেন্দ্ৰত স্বাস্থ্য বিভাগৰ অভিজ্ঞ স্বাস্থ্য কৰ্মীয়ে এই বয়সৰ শিশু তথা কিশোৰ-কিশোৰীক সম্পূৰ্ণ নিৰাপদ টিকা প্ৰদান কৰিব । ইতিমধ্যে এই টিকা গ্ৰহণ কৰা শিশুৱে এই টিকাকৰণ অভিযানৰ সময়ত পুনৰবাৰ বসন্ত আৰু ৰুবেল্লাৰ টিকা গ্ৰহণ কৰিব পাৰিব।

Related News