NORTHEAST NOW (Assamese)
অসম

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2026 10:22 am

কীটনাশকৰ গুণগত মান সঠিক নহয়। সেয়েহে মাটিত অতিৰিক্ত কীটনাশক প্ৰয়োগ কৰিবলগীয়া হৈছিল। ই কেৱল মাটি বা জৈৱ বৈচিত্ৰ্যৰ ক্ষতি কৰাই নহয়, অতিৰিক্ত কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ বাবে বহু কৃষকৰ মৃত্যু হয়। এয়া বিজেপি শাসিত ৰাজ্য ৰাজস্থানৰ ছবি।

২০২৪ চনৰ পৰা ২০২৬ চনলৈ দুবছৰত কীটনাশকৰ সংস্পৰ্শলৈ অহা ৫৩৫ জন লোকৰ মৃত্যু হয়।ভজনলাল শৰ্মা চৰকাৰে ক্ষতিপূৰণৰ বাবে ৫.১০ কোটি টকা ব্যয় কৰিছে। কিন্তু ইয়াৰ দ্বাৰা চৰকাৰৰ ব্যৰ্থতাক ঢাকি ৰাখিব নোৱাৰি। বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় উপযুক্ত মানৰ কীটনাশক যোগান ধৰাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ।

কৃষ্ণপোলৰ পৰা কংগ্ৰেছৰ বিধায়ক আমিন কাজীয়ে কয়, “খেতি কৰিবলৈ গৈ শ শ কৃষকৰ মৃত্যু হৈছে। চৰকাৰে কেৱল ক্ষতিপূৰণ দিয়ে দায় সাৰিব নোৱাৰে। এইটো নিশ্চিত কৰিব লাগিব যে উপযুক্ত মানৰ কীটনাশক কৃষকৰ ওচৰলৈ পঠিওৱা হয়।”

কিন্তু আশ্চৰ্যজনকভাৱে ৰাজস্থানৰ কৃষি মন্ত্ৰী কিশোৰিলাল মীনাই কৃষকৰ মৃত্যুৰ বিষয়টোক গুৰুত্ব দিব বিচৰা নাই। থানাসমূহৰ পৰা কৃষকৰ মৃত্যুৰ সন্দৰ্ভত গৃহ বিভাগে সংগ্ৰহ কৰা পৰিসংখ্যা পৰীক্ষা কৰা হ’ব বুলিও তেওঁ কয়।

তেওঁ কয়, “ৰাজ্য চৰকাৰে জৈৱিক খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যদি কৃষকসকলে তেওঁলোকৰ ২৫ শতাংশ মাটিত জৈৱিকভাৱে খেতি কৰে, তেন্তে তেওঁলোকৰ কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা কমি যাব।”

বিগত দুবছৰত ইটোৰ পিছত সিটোকৈ কৃষকৰ মৃত্যুৰ বাবে ৰাজস্থান চৰকাৰ চাপত পৰিছে। বহু লোকে এই পৰিস্থিতিৰ বাবে নিকৃষ্ট কীটনাশকৰ ব্যৱহাৰ দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। চাপত পৰি চৰকাৰে কীটনাশক পৰীক্ষাৰ নিৰ্দেশ দিয়ে। ৫৫৭০টা নমুনাৰ ভিতৰত ৫৫২১টা নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে ১৮৯টা নমুনা পৰীক্ষাত ব্যৰ্থ হয়। ইয়াৰ পিছত চৰকাৰে ২৮২ খন জাননী জাৰি কৰে। তদুপৰি ১৪টা গোচৰ ৰুজু কৰাৰ লগতে ১৪টা সংস্থাৰ অনুজ্ঞাপত্ৰ নিলম্বন ৰখা হয়। বাতিল কৰা হয় ২২খন অনুজ্ঞাপত্ৰ।