NORTHEAST NOW (Assamese)
অসম

ভাৰতলৈ নাহে জিনপিং! জি-২০ সন্মিলনত মানচিত্ৰ বিতৰ্কৰ প্ৰভাৱ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2023 3:18 pm

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আগন্তুক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ নাহিবও পাৰে। ইতিমধ্যে চীনে নতুন মানচিত্ৰ মুকলি কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। যাৰ বাবে কমিউনিষ্ট দেশৰ সৈতে ভাৰতৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে। এই পৰিবেশত নতুন দিল্লীত তেওঁৰ উপস্থিতিৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে।

অহা সপ্তাহত ভাৰতত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। অহা ৯ আৰু ১০ ছেপ্টেম্বৰত দুদিনীয়া এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ফলত সমগ্ৰ বিশ্বই মোডী-বাইডেন-জিনপিঙক একেখন মঞ্চত দেখাৰ বাবে অপেক্ষা কৰি আছে।

কিন্তু চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণক লৈ অনিশ্চয়তা আছিল। আন্তৰ্জাতিক সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং জি-২০ সন্মিলনৰ বাবে ভাৰতলৈ নাহিবও পাৰে। চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে তেওঁৰ সলনি এই সন্মিলনত যোগদান কৰিব পাৰে।

উল্লেখ্য যে যে ২৮ আগষ্টত চীনে দেশখনৰ নতুন আনুষ্ঠানিক মানচিত্ৰ প্ৰকাশ কৰিছিল। তাত তেওঁলোকে অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰিছিল। আনকি আকছাই চীনও তেওঁলোকৰ বুলি বেইজিঙে দাবী কৰিছে।

ইয়াৰ পিছতে মোডী চৰকাৰে জি জিনপিং প্ৰশাসনক গৰিহণা দি সৰৱ হৈ পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দি কয় যে এনে মানচিত্ৰ প্ৰকাশ কৰাটো চীনৰ অভ্যাস।

ভাৰতৰ ককৰ্থনাৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰত্যুত্তৰ দি কয় যে ‘’আমি আমাৰ ভূখণ্ডৰ সীমাৰ বিষয়ে সচেতন। আইন অনুসৰি নতুন মানচিত্ৰ প্ৰস্তুত কৰা হৈছে। বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই।”

ইয়াৰ পিছত বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হ’ল, জিনপিঙে দৰাচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখামুখি হ’বনে?

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাত সদ্য সমাপ্ত ব্ৰিকছ সন্মিলনত জি জিনপিঙৰ সৈতে আলোচনাত মিলিত হৈছিল মোদীয়ে। দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ বৈঠকৰ সন্দৰ্ভত ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয় যে মোদীয়ে জি জিনপিঙক স্পষ্ট বাৰ্তা দিছে। নিয়ন্ত্ৰণ ৰেখাত শান্তি বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ সেই সন্দৰ্ভত কথা পাতি প্ৰধানমন্ত্ৰীয়ে জি জিনপিঙক কয় যে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান বজাই ৰখাটো অতি প্ৰয়োজনীয়।

অৱশ্যে চীনে ইয়াৰ পিছতো নতুন মানচিত্ৰ প্ৰকাশ কৰি যি দাবী কৰিছে তাত ভাৰত ক্ষুব্ধ হৈ পৰিছে। এই প্ৰেক্ষাপটতে একাংশ বিশ্লেষকে ভাবে যে মানচিত্ৰ বিতৰ্কৰ প্ৰভাৱ পৰিছে জি-২০ শীৰ্ষ সন্মিলনতো।