NORTHEAST NOW (Assamese)
অসম

Manchester United in IPL আইপিএলত প্ৰৱেশ কৰিব ৰোনাল্ডোৰ মাঞ্চেষ্টাৰ ইউনাইটেডে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2021 4:25 pm
Manchester to IPL

Manchester United in IPL বিশ্বৰ শ্ৰেষ্ঠ ফুটবল দলসমূহৰ ভিতৰত অন্যতম মাঞ্চেষ্টাৰ ইউনাইটেড। এই দলৰ তাৰকা খেলুৱৈ ক্ৰিশ্চিয়ানো ৰোনাল্ডো সাম্প্ৰতিক সময়ত আটাইতকৈ জনপ্ৰিয় ফুটবলাৰ।

ক্ৰিশ্চিয়ানো ৰোনাল্ডোৰ এই দলটোৰ মালিক হ’ল গ্লেজাৰ পৰিয়াল। তেওঁলোকে এইবাৰ আইপিএলত দল ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। নতুন দলৰ বাবে তেওঁলোকে বিড সংগ্ৰহো কৰিছে।

আইপিএলৰ নতুন দল ক্ৰয়ৰ বিড সংগ্ৰহ কৰাৰ অন্তিম তাৰিখ আছিল ২০ অক্টোবৰ। বাতৰি অনুসৰি, মাঞ্চেষ্টাৰ ইউনাইটেডৰ মালিকে এইবাৰ ভাৰতৰ জনপ্ৰিয় টী-২০ লীগৰ অংশ হ’ব বিচাৰিছে।

বিচিচিআইয়ে ইতিমধ্যে কেনে ধৰণৰ সংস্থাই বিড দাখিল কৰিব পাৰে তাক লৈ বহু নিয়ম প্ৰস্তুত কৰিছে।

সেই অনুসৰি, কোনো সংস্থাই দল ক্ৰয় কৰিব বিচাৰিলে তেওঁলোকৰ তিনি হাজাৰ কোটি টকাৰ বাৰ্ষিক লেনদেন থাকিব লাগিব।

আনহাতে, কোনো ব্যক্তিয়ে দল ক্ৰয় কৰিব বিচাৰিলে তেওঁৰ কমেও আঢ়ৈ হাজাৰ কোটি টকাৰ সম্পত্তি থাকিব লাগিব।

একেদৰে কোনো বিদেশী সংস্থাই আইপিএলৰ দল কিনিব পাৰিব যদিও তেওঁলোকে ভাৰতত ব্যৱসায় আৰম্ভ কৰিব লাগিব।

এইবাৰ নতুন দল ক্ৰয় কৰাৰ বাবে মানচেষ্টাৰ ইউনাইটেডৰ উপৰি বিড সংগ্ৰহ কৰিছে আদানী গ্ৰুপ, টৰেন্ট ফাৰ্মা, অৰবিন্দ ফাৰ্মা, আৰপি-সঞ্জীৱ গোয়েংকা গ্ৰুপ আৰু হিন্দুস্তান টাইমছ মিডিয়াইয়ো।

ইপিনে, গুৱাহাটী, লক্ষ্ণৌ, কটক, আহমেদাবাদ, ইন্দোৰ আৰু ধৰ্মশালাৰ মাজৰ যিকোনো দুখন চহৰৰ পৰা আইপিএলৰ নতুন দল আহিব পাৰে বুলি চৰ্চা চলিছে।