NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

Posted by: ৰিদিপ শর্মা October 23, 2018 3:27 pm
IMG-20181023-WA0018

কলিয়াবৰত পুৱাই ৰেল অৱৰোধ কাৰ্যসূচী পালন কৰা হৈছে। কলিয়াবৰৰ জখলাবন্ধাত শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ট্ৰেইন অৱৰোধ কৰা হয় । নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাজ্যখনৰ ৪৬ টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সমৰ্থনত কলিয়াবৰৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰে এই ৰেল আৱৰোধ কাৰ্যসূচী ।

আনহাতে বন্ধৰ প্ৰভাৱত সমগ্ৰ কলিয়াবৰতে দোকান-পোহাৰ বন্ধ থকা পৰিলক্ষিত হয়। লগতে সাপ্তাহিক ভাবে কলিয়াবৰৰ কুঁৱৰীটোলত প্ৰতি সপ্তাহত মঙ্গলবাৰে মঙ্গলবৰীয়া বজাৰ অনুষ্ঠিত হৈ আহিছিল যদিও আজিৰ বন্ধৰ প্ৰতি সমৰ্থন জনাই উক্ত বজাৰ বন্ধ থাকে।

ইয়াৰোপৰি বন্ধৰ সমৰ্থনত কোনো লোকে কলিয়াবৰৰ নসত্ৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে যদিও কোনে টায়াৰ জ্বলালে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

কলিয়াবৰ মহকুমা প্ৰশাসনে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ বিভিন্ন প্ৰান্তত নিয়োজিত কৰিছে আৰক্ষীৰ জোৱান।

বৰ্তমান সময়লৈকে কলিয়াবৰৰ পৰিস্থিতি শান্তি পূৰ্ণ হৈ আছে। কলিয়াবৰৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ বাতৰি আমাৰ হাতত পৰা নাই। অনাগত সময়লৈকে শান্তিপূৰ্ণ ভাবে এই প্ৰতিবাদৰ অন্ত পৰাৰ কামনা কৰিছে কলিয়াবৰবাসী ৰাইজে।