NORTHEAST NOW (Assamese)
অসম

ভিত্তিহীন মনে সঁজা গোচৰত মোক গ্ৰেপ্তাৰ কৰিছে! অশোক শইকীয়াৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 7, 2021 8:17 pm
Ashok Saikia reacts after CBI arrest

CBI য়ে গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয়, “অসম ৰাজ্যিক কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ (এচকাৰ্ড) পৰা মই ব্যৱসায় কৰাৰ বাবে এটা ঋণ ১৯৯৬ চনত লৈছিলো। পৰৱৰ্তী সময়ত বেংকত এই ঋণ সম্পূৰ্ণ ৰূপে পৰিশোধ কৰিলো আৰু ইয়াৰ প্ৰমাণ যোৱা ২৮-১০-২০১৫ তাৰিখে এচকার্ড বেংকৰ জেনেৰেল মেনেজাৰ ইনচার্জয়ে মোক এখন পত্রযোগে বেংকত আমাৰ কোনো লেন-দেন নাই বুলি অৱগত কৰিলে।”

“আজি চিবিআই দলটো মোক বিচাৰি আমাৰ ঘৰলৈ অহাৰ পূৰ্বে মই চিবিআই কোর্টৰ পৰা অথবা চিবিআই অফিচৰ পৰা কোনো ধৰনৰ জাননী আদি পোৱা নাছিলো। এই ক্ষেত্ৰত চিবিআই দল আহি আমাৰ গৃহত উপস্থিত হয় আৰু বেংকত ঋণ দিবলগীয়া আছে বুলি অভিযুক্ত কৰিছে।”

তেওঁ লগতে কয়, “মই বেংকক সম্পূর্ণ ঋণ ২০১১ চনৰ এচকাৰ্ড বেংকৰ পত্ৰ অনুসৰি পৰিশোধ কৰিলো, সেই বাবে ২৮-১০-২০১৫ তাৰিখে মোক তেওঁলোকে পত্রযোগে অবগত কৰিছিল। কোনো ধৰনৰ ভিত্তি নথকা এটা মনে সজা অভিযোগত মোক এনেকৈ কি কাৰণে তেওঁলোকে লৈ আহিছে এই কথা চৰকাৰী পক্ষ অথবা তদন্তকাৰী সংস্থা চিবিআই হে গ’ম পাব, মই নাজানো।”