NORTHEAST NOW (Assamese)

অপাৰেশ্যন সিন্দুৰক লৈ তীৰ্যক মন্তব্য কৰা অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ

May 21, 2025 2:32 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ১৮ মেত অপাৰেচন সিন্দুৰক লৈ ছচিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে গ্ৰেপ্তাৰ হোৱা অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক আজি উচ্চতম ন্যায়ালয়ে অস্থায়ী জামিন প্ৰদান কৰে। এই অভিযান আছিল ৭ মেত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত কৰা ভাৰতৰ আক্ৰমণ।

মাহমুদাবাদৰ এই পোষ্টটোত অভিযানৰ বিষয়ে কোৱা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ প্ৰতি একাংশ লোকে কৰা প্ৰশংসাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু জনসাধাৰণৰ আক্ৰমণৰ দৰে অন্যান্য বিষয়ৰ ওপৰতো কথা কোৱা হৈছিল।

হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগ আৰু বিজেপিৰ এগৰাকী সদস্যৰ অভিযোগৰ পিছত তেওঁৰ বিৰুদ্ধে ভাৰতৰ ঐক্যত আঘাত হানি ধৰ্মীয় উত্তেজনা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে তেওঁক ভাৰত-পাকিস্তান সমস্যাৰ বিষয়ে অনলাইনত পোষ্ট নকৰিবলৈ, পাছপৰ্ট এৰি দিবলৈ কোৱাৰ লগতে পোষ্টটো কিয় লিখিছে তাৰ তদন্ত কৰিবলৈ বিশেষ দল এটাক নিৰ্দেশ দিয়ে।

Related News