NORTHEAST NOW (Assamese)
অসম

ক’ত পলাব! কিয় অশ্বিনৰ ডিঙিত চেপি ধৰিলে প্ৰীতিয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 11:50 am
WhatsApp Image 2020-11-14 at 11.05.31 AM

দুয়ো একেলগে বৈবাহিক জীৱনৰ ৯টা বছৰ অতিবাহিত কৰিলে।টীম ইণ্ডিয়াৰ তথা দিল্লী কেপিটেলছৰ সদস্য সুদক্ষ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু তেওঁৰ পত্নী প্ৰীতিৰ যুগ্ম জীৱনৰ পৰিক্ৰমা এতিয়াও বহু বাকী।

আইপিএল চলি থকা সময়ছোৱাত সম্পূৰ্ণ সুৰক্ষা বিধি মানি ক্ৰিকেটাৰ সকলে খেলপথাৰত অৱতীৰ্ণ হৈছে। বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ আছিল ক্ৰিকেটাৰসকলৰ সুৰক্ষা বেহুত।

কোভিড বিধি মানি পৰিয়ালৰ সৈতে ক্ৰিকেটাৰসকলে হোটেলৰ ভিতৰতে আৱদ্ধ থাকিবলগীয়া হৈছে। কোনোৱে বাহিৰলৈ ওলাব পৰা নাই।

যোৱা শুকুৰবাৰে ৰবিচন্দ্ৰন অশ্বিনৰ নৱম বিবাহবাৰ্ষিকী আছিল। কোৱাৰেন্টাইনত থকাৰ বাবে আয়োজন কৰিব নোৱৰিলে কোনো অনুষ্ঠানৰ। হোটেলত পত্নী প্ৰীতিৰ সৈতে আছিল অশ্বিনৰ দুগৰাকী কন্যা।

বিবাহবাৰ্ষিকীৰ দিনাই পত্নী প্ৰীতিয়ে এটা আমোদজনক প’ষ্ট টুইট কৰে। প’ষ্টটোত থকা ছবিত প্ৰীতিয়ে অশ্বিনৰ ডিঙি চেপি ধৰা দেখা গৈছে।

https://twitter.com/prithinarayanan/status/1327128396401348609

টুইটটোত প্ৰীতিয়ে লিখিছে,’’একেলগে ৯বছৰ। এনেদৰেই আনন্দত কাটক। হোটেলত বন্দী, য’ত পলোৱাৰ কোনো জেগা নাই, তাত ইয়াতকৈ ভাল ৰোমান্টিক আৰু কি হ’ব পাৰে।‘’

অশ্বিন পত্নী প্ৰীতিৰ এই আমোদজনক প’ষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে সৰস মন্তব্য কৰা দেখা গৈছে।