NORTHEAST NOW (Assamese)
অসম

ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 26, 2022 5:21 pm
ভাৰতে পাকিস্তানত হ’বলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ

খেলকলৈ এইবাৰ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক অধিক তিক্ততাপূৰ্ণ হৈ উঠিছে। পাকিস্তানে অহা বছৰ দেশ খনত অনুষ্ঠিত কৰিব এছিয়া কাপ।

পাক ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই ইয়াৰ মাজতে এক বিস্ফোৰক মন্তব্য কৰিছে। শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) সম্পাদক জয় শ্বাহে শেহতীয়াকৈ কৈছে যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়।

শ্বাহৰ মন্তব্যৰ পিছতে ৰমিজেএইবুলি কৈছে “যদি ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে, তেন্তে আমিও ভাৰতলৈ গৈ বিশ্বকাপ নেখেলো। “

উল্লেখ্য ভাৰতে শেষবাৰৰ বাবে ২০০৮ চনত এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ গৈছিল । পাকিস্তানেও ২০১২ চনত দ্বিপাক্ষিক শৃংখলা খেলিবলৈ ভাৰতলৈ আহিছিল।