NORTHEAST NOW (Assamese)

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm · এন ই নাও নিউজ, গুৱাহাটী

এছিয়া কাপত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানৰ মুখামুখি হব ভাৰত। মেচখন ওচৰ চাপি অহাৰ লগে লগে বৰ্জনৰ আহ্বান অধিক প্ৰবল হৈ পৰিছে। এই মেচখনক লৈ আৰম্ভণিৰে পৰাই অসন্তুষ্ট আছিল AIMIMৰ মূৰব্বী আছাদুদ্দিন ওৱেইছি। ওৱেইচিয়ে প্ৰশ্ন কৰিছে যে, এই এখন মেচৰ পৰা বিচিচিআইয়ে কিমান টকা পাব? সেই পৰিমাণৰ ধন ২৬টা জীৱনতকৈও অধিক মূল্যৱান নেকি?

পেহেলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক শেষ কৰাৰ দাবী উত্থাপন হৈছে। এছিয়া কাপ বা আন কোনো বহুদলীয় প্ৰতিযোগিতাত যাতে পাকিস্তানক কোনো ধৰণে মুখামুখি নহয় তাৰ বাবেও দাবী উত্থাপন হৈছে। ইফালে পাকিস্তানেও নিজৰ হকী দলটো ভাৰতলৈ প্ৰেৰণ কৰা নাই। বিতৰ্কৰ মাজতে ইৰফান পাঠান আৰু হৰভজন সিঙে লিজেণ্ডছ লীগত পাকিস্তানী কিংবদন্তিৰ বিৰুদ্ধে খেলপথাৰত নামিবলৈ সন্মত নহল। অৱশ্যে সেই সকলোবোৰ আওকাণ কৰি বিচিচিআইয়ে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে এটা দল খেলিবলৈ ওলাইছে। এই লৈ ক্ৰিকেটপ্ৰেমী বিভক্ত। এটা শিতানৰ মতে হিংসা আৰু ক্ৰীড়া একেলগে যাব নোৱাৰে। আনহাতে, একাংশই ক্ৰিকেট সম্পৰ্ক অব্যাহত ৰখাৰ পক্ষপাতী। ভাৰত-পাক মেচৰ বিৰুদ্ধে থকাসকলৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নাম হল ওৱেইচি।

এআইএমআইএমৰ চুপ্ৰেমোগৰাকীয়ে কয়, “উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক মোৰ প্ৰশ্ন, এটাও ক্ৰিকেট খেল বৰ্জন কৰাৰ ক্ষমতা আপোনাৰ নাই নেকি? ২৬ জন নাগৰিকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে খেলিব লাগিব নেকি?”

প্ৰধানমন্ত্ৰীলৈ ওৱাইছিৰ প্ৰশ্ন আছিল, “আপুনি নিজেই কৈছিল যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে, আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে যাব নোৱাৰে। এই এখন মেচৰ পৰা বিচিচিআইয়ে কিমান টকা পাইছে?২০০০ কোটি, ৩০০০ কোটি? সেয়া ২৬ জনতকৈ অধিক মূল্যৱান নেকি? বিজেপিয়ে ইয়াৰ উত্তৰ দিব লাগিব।”

এআইএমআইএমৰ  মূৰব্বীজনে স্পষ্টকৈ কলে, “আমি পেহেলগামত মৃতকৰ পৰিয়ালৰ সৈতে আছিলো, আগন্তুক দিনতো আমি আছো আৰু থাকিম। দেওবাৰৰ খেলখন তেওঁ বা তেওঁৰ অনুগামীসকলেও নাচাব বুলি স্পষ্ট কৰি দিছে ওৱেইচিয়ে।

Related News