NORTHEAST NOW (Assamese)
Popular Stories

Asia’s richest woman loses half of her wealth: এবছৰৰ ভিতৰতে নিজৰ আধা সম্পত্তি হেৰুৱালে এছিয়াৰ আটাইতকৈ ধনী মহিলাগৰাকীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2022 3:04 pm

Asia’s richest woman loses half of her wealth তেওঁ এছিয়াৰ আটাইতকৈ ধনী মহিলা। নাম তেওঁৰ ইয়াং হুয়ান।কিন্তু যোৱা এবছৰত চীনা ব্যৱসায়ীগৰাকীয়ে তেওঁৰ সম্পত্তিৰ আধাতকৈও বেছি হেৰুৱাইছে। দৰাচলতে চীনৰ ৰিয়েল ইষ্টেট উদ্যোগটো বিধ্বস্ত হৈ পৰিছে। তাৰ ফলতে ইয়াং হুয়ান বিলিয়নেয়াৰৰ তালিকাৰ তললৈ অৱনমিত হৈছে।

চীনৰ ৰাসায়নিক ফাইবাৰ ব্যৱসায়ী ফেন হংৱেই এতিয়া এছিয়াৰ আটাইতকৈ ধনী মহিলা হোৱাৰ দৌৰত আগবাঢ়িছে।

চীনৰ সৰ্ববৃহৎ ৰিয়েল ইষ্টেট কোম্পানী হৈছে কান্ট্ৰি গাৰ্ডেন। ইয়াঙৰ সেই কোম্পানীটোত সৰ্বাধিক শ্বেয়াৰ আছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, যোৱা বছৰ ইয়াঙৰ সম্পত্তিৰ পৰিমান আছিল ২,৩৭০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় এক লাখ ৮৯ হাজাৰ কোটি টকা। এই বছৰ সেয়া ৫২ শতাংশ হ্ৰাস পাই ১,১৩০ কোটি ডলাৰ হৈছে।

বুধবাৰে ইয়াঙৰ কোম্পানীটোৱে জানিবলৈ দিছে যে ই শ্বেয়াৰ বিক্ৰী কৰি কোম্পানীটোলৈ নগদৰ যোগান বৃদ্ধি কৰিব। তেতিয়াই দেখা যায় যে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বজাৰত ১৫ শতাংশ হ্ৰাস পাইছে। ইয়াঙৰ পিতৃ কান্ট্ৰি গাৰ্ডেন কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল। ২০০৫ চনত ইয়াৰ মালিকীস্বত্ব ইয়াঙৰ হাতলৈ আহে।

চীনৰ ৰিয়েল ইষ্টেট উদ্যোগটোত ২০২০ চনৰ পৰা মন্দাৱস্থা চলিছে। বহুতো কোম্পানীয়ে আনকি বেংকৰ পৰা ঋণ লৈ পৰিশোধ কৰিব নোৱাৰিলে। তেওঁ সময়মতে ফ্লেটবোৰ ক্ৰেতাসকলক হস্তান্তৰ কৰিব পৰা নাই। ফলত গ্ৰাহকসকলো ক্ষুব্ধ হৈ পৰিছে।

উল্লেখ্য যে চীনৰ গড় উপাৰ্জনৰ ১৮ ৰ পৰা ৩০ শতাংশ আহে ৰিয়েল ইষ্টেট উদ্যোগৰ পৰা। বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি চীনৰ এতিয়াও অন্যতম চালিকা শক্তি হৈ আছে এই উদ্যোগ।