NORTHEAST NOW (Assamese)

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

August 11, 2025 4:49 pm · নৰ্থ-ইষ্ট নাও

অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে চাৰিটা সিংহ পোৱালিয়ে। দেওবাৰে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদৰী কৰিছে এই কথা।

যোৱা ২৪ জুলাইত কেশৰী নামৰ সিংহিনী জনীয়ে জন্ম দিয়ে চাৰিটা পোৱালী।

আনন্দ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি এই কথা ঘোষণা কৰি উৎফুল্লিত হৈছো যে ২০২৫ চনৰ ২৪ জুলাইত আমাৰ মৰমৰ এছিয়াটিক সিংহনী কেশৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত চাৰিটা সুস্থ পোৱালি জন্ম দিলে।

এছিয়াটিক সিংহ (Panthera leo persica) হৈছে বিলুপ্তপ্ৰায় প্ৰজাতি আৰু ই ভাৰতৰ স্থানীয় প্ৰজাতি।

Related News