NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্লজ্জ পাকিস্তান! ভাৰতক পুনৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2025 7:27 pm

শেহতীয়াকৈ পাকিস্তানে কাবুলত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত তালিবানেও প্ৰতি আক্ৰমণ কৰে। তালিবানৰ আক্ৰমণত পাকিস্তানৰ সীমান্ত অঞ্চল বিধ্বস্ত হৈ পৰে। কিন্তু ইয়াৰ পাছতো ইছলামাবাদৰ কোনো লজ্জা নাই। শেহতীয়াকৈ পাকিস্তান সেনা প্ৰধান অসীম মুনীৰে হঠাতে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে ভাবুকি দিয়ে।

শনিবাৰে খাইবাৰ পখতুনখোৱা প্ৰদেশৰ এবটাবাদৰ পাকিস্তান সেনা প্ৰশিক্ষণ কেন্দ্ৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসীম মুনিৰে এই মন্তব্য কৰে। সেই অনুষ্ঠানত ভাষণ দি মুনীৰে কয়, ‘পাৰমাণৱিক অস্ত্ৰৰ যুগত যুদ্ধৰ কোনো স্থান নাই। পাকিস্তানে কোনো সৰু প্ৰৰোচনা সহ্য নকৰে। পাকিস্তানে ইয়াৰ প্ৰতি দুগুণ শক্তিৰে সঁহাৰি জনাব।’  ইয়াৰ পাছত মুনীৰে কয় যে পাকিস্তানৰ ক্ৰমবৰ্ধমান সামৰিক সামৰ্থ্যই ভাৰতৰ মনত থকা যুদ্ধৰ যি ধাৰণা তাক আঁতৰ কৰিব।

প্ৰসংগক্ৰমে শনিবাৰে চৰকাৰী অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক সমালোচনা কৰে আৰু ভাৰতৰ সামৰিক সামৰ্থ আৰু শক্তিৰ ওপৰত বিশদভাৱে অৱলোকন কৰে।