NORTHEAST NOW (Assamese)
অসম

ভোটাৰ পৰিচয়পত্ৰ বাংলা ভাষাত লিখা খামত বিতৰণ : ৰাজ্যৰ নিৰ্বাচন বিভাগক সকীয়াই দিলে সাহিত্য সভাই

Posted by: এন ই নাও নিউজ October 26, 2018 10:49 pm
Sivasagar: Asom Sahitya Sabha falicitated educationists, social workers on the first day of Assamese new year

অসমৰ নিৰ্বাচন বিভাগে ভোটাৰ পৰিচয়পত্ৰ বাংলা ভাষাত লিখা খামত ভৰাই বিতৰণ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাই।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই প্ৰেৰণ কৰা এটা বিবৃতিত ৰাজ্যিক নিৰ্বাচন বিভাগৰ অসমীয়া ভাষা বিদ্বেষী এই পদক্ষেপক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু এয়া অসমীয়া জাতি আৰু অসমীয়া ভাষাক ধ্বংস কৰিবৰ বাবে চলোৱা ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰে।

বিবৃতিটোত কোৱা হৈছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী ভাষা হ’ল অসমীয়া ভাষা। লগতে বড়ো স্বায়ত্তশাসিত এলেকাত দ্বিতীয় ভাষা হিচাপে বড়ো ভাষাকো অসম সাহিত্য সভাই মান্যতা প্ৰদান কৰিছে।

১৯৬০ চনৰ চৰকাৰী ভাষা আইনমতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো চৰকাৰী কাম-কাজত নিশ্চিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। সেই ভাষা আইনক নসাৎ কৰি তথা চৰকাৰী ভাষা নীতিক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি অসম নিৰ্বাচন বিভাগে শোণিতপুৰ জিলাৰ কিছু ঠাইত তথা অসমৰ অন্যান্য স্থানত ভোটাৰ পৰিচয়পত্ৰ বাংলা ভাষাত লিখা খামত বিতৰণ কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

অসম নিৰ্বাচন বিভাগ আৰু অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ক তৎকালে এনে অসমীয়া জাতি-বিৰুদ্ধ গৰ্হিত কাৰ্য বন্ধ কৰিবলৈ আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে আগলৈ ষড়যন্ত্ৰত লিপ্ত নহ’বলৈ সকীয়াই দিয়ে সভাই।