NORTHEAST NOW (Assamese)
অসম

পোন প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰিব ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 9, 2019 2:53 pm
index

অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰদান কৰিব।

অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

সংবাদমেলত উপস্থিত সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, গোপাল জালানকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পোনপ্ৰথমবাৰৰ বাবে সাহিত্য সভাই ভ্ৰাম্যমাণ নাট্য পৰিমণ্ডলেৰে মৈত্ৰীবন্ধনৰ সহযোগত প্ৰদান কৰিব এই বঁটা।

১১ আগষ্টত দিনৰ ১১ বজাত নলবাৰীৰ নাট্য মন্দিৰত এই বঁটা প্ৰদান কৰা হ’ব।

আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা।

তদুপৰি, ২০১৮-১৯ নাট্যবৰ্ষৰ কেইবাগৰাকী নবীন-প্ৰবীণ নাট্যশিল্পীক নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালকৰ লগতে কেইবাটাও বঁটা প্ৰদান কৰা হ’ব।

দৰ্শকক আমোদ দিয়াৰ বাবে তৰল নাট প্ৰদৰ্শন কৰাসকলৰ বিৰুদ্ধে সাহিত্য সভাই ব্যৱস্থা ল’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ড০ ৰাজবংশীয়ে।

ইপিনে, “অসমীয়া ভাষাৰ প্ৰায় ৭ লাখ প্ৰাচীন নাটক বিলুপ্ত হৈ গৈছে” বুলিও উল্লেখ কৰে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

“নাটকৰ পৰম্পৰাটো সুস্থ হিচাপে গঢ়িব নোৱাৰিলে নেতিবাচক দিশে গতি কৰিব” ড০ ৰাজবংশীয়ে এইদৰে কয়।

আনহাতে, “ভ্ৰাম্যমাণৰ নাটকসমূহ লিখিত ৰূপত ৰাখি নাট্য সাহিত্যক চহকী কৰিব লাগিব” বুলি উল্লেখ কৰি সভাপতি ৰাজবংশীয়ে লগতে কয়, “সেয়ে অসম সাহিত্য সভাই এই প্ৰচেষ্টা হাতত লৈছে।”

তদুপৰি, নবীন নাট্যকাৰ সকলক লৈ এক কৰ্মশালা অতি সোনকালেই আয়োজন কৰিব বুলিও তেওঁ জনায়।